গুৱাহাটীৰ পৰা শিশুদুটিক অপহৰণ কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল।
গুৱাহাটীৰ পৰা শিশুদুটিক অপহৰণ কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল।
শনিবাৰে বিহাৰৰ কিষাণগঞ্জৰ পৰা উদ্ধাৰ হয় দুয়োটা শিশু। গুৱাহাটীৰ পৰা শিশুদুটিক অপহৰণ কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল। মোমায়েকৰ পৰিচয় দি লৈছিল দুয়োটি শিশুক। ইনষ্টাগ্ৰামৰ জৰিয়তে যোগাযোগ কৰিছিল কন্যা সন্তানটিৰ সৈতে। এই সন্দৰ্ভত আৰক্ষীয়ে আটকো কৰিছে এজনক। শনিবাৰে নিশা অসম আৰক্ষীয়ে বিহাৰৰ পৰা দুয়োটা শিশুক লৈ অসমলৈ ৰাওনা হৈছে।
ইফালে পিতৃৰ বিৰুদ্ধে শিশু দুটিয়ে উত্থাপিত কৰিছে বিস্ফোৰক অভিযোগ। কৈছে যে, কোনো লোকে অপহৰণ কৰি আমাক লৈ গৈছে বুলি মোৰ দেউতাই কোৱা কথা সম্পূৰ্ণ মিছা। তেনেকুৱা একো নহয়। দেউতাই বহুত মিছা কথা কয়। মোক জোৰজবৰদস্তি লৈ অনা নাই। মই নিজে তেওঁৰ লগত আহিছো। দেউতাই মোক বহু শাৰীৰিক মানসিক প্ৰহাৰ কৰে। আমাক অতি বেয়া ব্যৱহাৰ কৰে। আমি মাৰ ওচৰলৈ যাব খোজো। কিন্তু দেউতা, খুড়া ককা সকলো মিলি আছে। আমাক যাবলৈ নিদিয়ে। ভাইতি আৰু মোক বেয়াকৈ প্ৰহাৰ কৰে।
উল্লেখ্য যে, অপহৰণ কৰা বুলি অভিযোগ উত্থাপিত হোৱা শিশুদুটিৰ নাম ইছমাইৰা নাছম আৰু ৪ বছৰীয়া আতিফ নাছম। সিজুবাৰীৰ ১১ নং বাসগৃহৰ পৰা সন্ধানহীন হৈ আছিল দুয়োটি শিশু। কিছুদিন পূৰ্বে ঝাৰখণ্ডলৈ গৈছিল শিশু দুটিৰ মাতৃ। পিছত পিতৃয়ে দুয়োটা সন্তানক অপহৰণ কৰা বুলি অভিযোগ উত্থাপিত কৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|