কিছুদিন পূৰ্বে অগপ বিধায়ক ফণী তালুকদাৰৰ ইনোভা গাড়ী চুৰি কৰি নিছিল বিধায়ক আৱাস চৌহদৰ পৰা। তাৰ পিছতে বৃহস্পতিবাৰে বিধায়ক মৃণাল শইকীয়াৰ চাইকেল নিলে চোৰে।
কিছুদিন পূৰ্বে অগপ বিধায়ক ফণী তালুকদাৰৰ ইনোভা গাড়ী চুৰি কৰি নিছিল বিধায়ক আৱাস চৌহদৰ পৰা। তাৰ পিছতে বৃহস্পতিবাৰে বিধায়ক মৃণাল শইকীয়াৰ চাইকেল নিলে চোৰে।
চোৰ নহয়, গভাইত চোৰ। এইবাৰ গভাইত চোৰ সোমাইছে বিধানসভাৰ বিধায়ক আৱাস এলেকাত। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ চাইকেল চুৰি কৰি নিলে চোৰে।
অসম বিধানসভাৰ বাজেট অধিবেশন চলি থকাৰ মাজতে চোৰে নিলে বিধায়কৰ চাইকেল। ইয়াকে লৈ দিছপুৰত হৈছে ব্যাপক চৰ্চা। বিধায়ক শইকীয়াই ছচিয়েল মিডিয়াতো ছেয়াৰ কৰিছে এই কথা।
বিধায়ক শইকীয়াই আহ্বান জনাইছে যিজনেই চাইকেলখন লৈ গৈছে পুনৰ আগৰ স্থানত যেন থৈ যায়। তেওঁ চিচিটিভি ভিজুৱেল পৰীক্ষা কৰিও চোৰৰ অনুসন্ধান চলাইছে।
কিছুদিন পূৰ্বে অগপ বিধায়ক ফণী তালুকদাৰৰ ইনোভা গাড়ীও চুৰি কৰি নিছিল বিধায়ক আৱাস চৌহদৰ পৰা। তাৰ পিছতে বৃহস্পতিবাৰে বিধায়ক মৃণাল শইকীয়াৰ চাইকেল নিলে চোৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|