সীমিত সংখ্যক চিকিৎসকেৰে চলিছে ৰাজ্যৰ স্বাস্থ্য খণ্ড ৷ প্ৰয়োজন অনুপাতে স্বাস্থ্য খণ্ডত যোগান নাই চিকিৎসক ৷ ৰাজ্যৰ প্ৰতিখন জিলা যুটীয়া সঞ্চালকে দি অহা অভিযোগৰ পাছতো চিকিৎসক যোগান ধৰিব পৰা নাই ৷ বিপৰীতে স্বাস্থ্য মন্ত্ৰীৰ উত্তৰ টকাৰে মেচিন ক্ৰয় কৰিব পাৰি কিন্তু চিকিৎসক নোৱাৰি ৷ তেন্তে উপায় ক'ত ?
অসহায় মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান সীমিত সংখ্যক চিকিৎসকেৰে আগবঢ়াব লাগিব সেৱা ৷ তাৰ নাই বিকল্প ৷ বুধবাৰৰ পৰা মহানগৰীত দুদিনীয়া কাৰ্য্যসূচীৰে স্বাস্থ্য বিভাগৰ অনুষ্ঠিত হৈছে বিশেষ ৰাজ্যিক কৰ্মশালা স্বাস্থ্য মণ্ঠন ৷ গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ মৃত্যু সন্দৰ্ভত অনুষ্ঠিত বৈঠকত মৃত্যুৰ হাৰ ৰোধৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতা তথা প্ৰণালীগত পদ্ধতিসমূহ পৰ্য্যালোচনা কৰে ৷ উল্লেখ্য যে স্বাস্থ্য বিভাগৰ GNM, ANM সকলোৰ সঠিক ANCৰ অভাৱতে গৰ্ভৱতী মহিলাৰ মৃত্যুৰ কাৰণ ৷ এইক্ষেত্ৰত বিশেষ পৰ্য্যবেক্ষণ NHM মিছন সঞ্চালকৰ ৷