உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Eviction in Guwahati: শিলসাকো বিলৰ আবাসিক এলেকাত চলিল চৰকাৰৰ বুলড'জাৰ! বিলৰ পাৰত উচ্ছেদিত শ শ আবাসীৰ উচুপনী!

    Eviction in Guwahati: শিলসাকো বিলৰ আবাসিক এলেকাত চলিল চৰকাৰৰ বুলড'জাৰ! বিলৰ পাৰত উচ্ছেদিত শ শ আবাসীৰ উচুপনী!

    প্ৰশাসনৰ লক্ষ্য ১৮০০ বিঘাৰ শিলসাকো বিলৰ ভূমিৰ ১ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰা ৷ বেদখলকৃত ভূমি উদ্ধাৰ নোহোৱালৈকে স্তব্ধ নহয় প্ৰশাসনৰ অভিযান ৷

    • Share this:
    শুকুৰবাৰে পুৱাৰে পৰা মহানগৰীৰ শিলসাকো বিলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ ২০খনৰো অধিক বুলড'জাৰ লৈ শিলসাকোৰ পাৰত চলিল উচ্ছেদ অভিযান ৷ প্ৰশাসনৰ অভিযানত তচ-নচ হ'ল শতাধিক বাসগৃহ ৷ আৰ চি চি বিল্ডিং পৰ্যন্ত প্ৰশাসনে ভাঙি পেলালে গৃহস্থৰ চকুৰ সন্মুখত।

    উল্লেখ্য যে বিগত প্ৰায় ২০ বছৰ ধৰি উক্ত স্থানত বসবাস কৰি আহিছিল কেইবা শতাধিক পৰিয়াল ৷ এই বাসিন্দাসকলক চৰকাৰে যোগান ধৰিছিল বিজুলী, জিএমচিৰ হোল্ডিং নম্বৰ লৈ নিৰ্মাণ কৰিছিল ঘৰ, পথ-নলা আধি নিৰ্মাণ কৰি দিছিল চৰকাৰেই। পিছে দীৰ্ঘদিনে বসবাস কৰি অহা এই লোকসকলক শুকুৰবাৰে গৃহহীন কৰি পেলালে চৰকাৰে। অভিযোগমতে কোনো জাননী অবিহনে শুকুৰবাৰে অতৰ্কিতে প্ৰশাসনে চলালে অভিযান ৷ গৃহহীন লোকসকলৰ অভিযোগ স্থআনান্তৰ কৰিবলৈ অলপ সময়ো নিদিলে প্ৰশাসনে।

    প্ৰশাসনৰ লক্ষ্য ১৮০০ বিঘাৰ শিলসাকো বিলৰ ভূমিৰ ১ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰা ৷ বেদখলকৃত ভূমি উদ্ধাৰ নোহোৱালৈকে স্তব্ধ নহয় প্ৰশাসনৰ অভিযান ৷
    Published by:Manjumoni Borah
    First published: