• Home
  • »
  • News
  • »
  • assam
  • »
  • Ambubachi Mela: কোভিডৰ বাধা–নিষেধৰ মাজতে কাইলৈৰ পৰা কামাখ্যাধামত অম্বুবাচী মেলা, অসমীয়া সমাজত ‘সাত লগা’ বা অম্বুবাচী কি জানেনে?

Ambubachi Mela: কোভিডৰ বাধা–নিষেধৰ মাজতে কাইলৈৰ পৰা কামাখ্যাধামত অম্বুবাচী মেলা, অসমীয়া সমাজত ‘সাত লগা’ বা অম্বুবাচী কি জানেনে?

অম্বুবাচী মেলাৰ সময়ত অসমীয়া পৰম্পৰাগত কৃষিজীৱি সমাজে কেতবোৰ বিশেষ নীতি–নিয়ম পালন কৰে। ঠাইভেদে কিছু ভিন্নতা থাকিলেও একেধৰনৰ লোকবিশ্বাস সকলোতে বিদ্যমান।

অম্বুবাচী মেলাৰ সময়ত অসমীয়া পৰম্পৰাগত কৃষিজীৱি সমাজে কেতবোৰ বিশেষ নীতি–নিয়ম পালন কৰে। ঠাইভেদে কিছু ভিন্নতা থাকিলেও একেধৰনৰ লোকবিশ্বাস সকলোতে বিদ্যমান।

অম্বুবাচী মেলাৰ সময়ত অসমীয়া পৰম্পৰাগত কৃষিজীৱি সমাজে কেতবোৰ বিশেষ নীতি–নিয়ম পালন কৰে। ঠাইভেদে কিছু ভিন্নতা থাকিলেও একেধৰনৰ লোকবিশ্বাস সকলোতে বিদ্যমান।

  • Share this:
কাইলৈৰ পৰা কোভিডৰ বাধা–নিষেধৰ মাজতে কামাখ্যাধামত পৰম্পৰাগতভাৱে আৰম্ভ হ’ব অম্বুবাচী মেলা। অম্বুবাচী মেলা আৰু অসমীয়া সমাজৰ মাজৰ সম্পৰ্ক অতি নিবিঢ়। অসমীয়া জনবিশ্বাসত অম্বুবাচী বা ‘ষাঁঠ লগা’ৰ এক বিশেষ তাৎপৰ্য আছে আৰু অসমীয়া কৃষিজীৱি সমাজে অম্বুবাচী বা আমতিৰ সময়ত কেতবোৰ ধৰা বন্ধা নিয়ম পালন কৰি আহিছে।

অসমীয়া ‘সাত’ লগা বা ‘ষাঁঠ’ বা অম্বুবাচী কি ?

জনবিশ্বাস মতে আহাৰ মাহৰ সাত তাৰিখে পৃথিৱী ঋতুমতী হয়। সেয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ‘সাত’ বা ‘ষাঁঠ’ বা অম্বুবাচী বোলা হয়। ‘অম্বুবাচী’ বা ‘আমতি’ হ’ল প্ৰধানকৈ আহাৰ মাহত উদযাপন কৰা অসমৰ এক ঋতুকালীন কৃষি উৎসৱ। সংস্কৃত ‘অম্বুবাচী’ শব্দৰ পৰা অসমৰ কামৰূপ জিলাত প্ৰচলিত ‘আমতী’ শব্দটো হৈছে । সংস্কৃতত ‘অম্বু’ৰ অৰ্থ পানী আৰু ‘বাচী’ৰ অৰ্থ প্ৰকাশিত বা পুষ্পিত হোৱা । অম্বুবাচীত পৃথিৱী পুষ্পিত হোৱা বুলি বিশ্বাস কৰা হয় । কৃষিৰ কাৰণে প্ৰয়োজন উৰ্বৰতাৰ। আদিম মানৱৰ বিশ্বাসত তিৰোতাৰ জৰায়ু আৰুমাতৃ বসুমতীৰ জৰায়ুৰ মাজত কোনো পাৰ্থক্য নাই। কৃষিজীৱি জনগণৰ কৃষিৰ প্ৰাচুৰ্য-কামনা আৰু তাৰ বাবে ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ বাসনা অম্বুবাচীৰ গূঢ় উদ্দেশ্য। আমাৰ ৰাজ্যৰ মানুহখিনি অতীজৰে পৰা কৃষিজীৱি লোক। ইয়াৰ সমাজ ব্যৱস্থা পৰম্পৰাগত। পৃথিৱী বছৰত এবাৰকৈ ৰজস্বলা হয় আৰু ‘অম্বুবাচ’,’আমতি’বা ‘ষাঁঠ’ হ’ল সেই ৰজস্বলাৰ কাল। আদিম কৃষিজীৱিসকলৰ বিশ্বাসত ৰজস্বলা হোৱাৰ পাছতহে তিৰোতাসকল সন্তান জন্ম দিবলৈ উপযুক্ত হোৱাৰ দৰে পৃথিৱীও অম্বুবাচীৰ পাছতহে শস্য উৎপাদনৰ বাবে উপযুক্ত হয়।

অম্বুবাচী মূলতে ঋতুকালীন উৎসৱ হ’লেও ই ক্ৰমে ক্ৰমে হিন্দু-পঞ্জিকাৰ আশ্ৰয়ী উৎসৱ হৈ পৰিছে। জ্যোতিষ শাস্ত্ৰমতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তিনিপদ গ’লে চতুৰ্থ পদৰ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পদৰ মধ্যত বিশ্বজননী ঋতুমতী হয়। এই পূৰ্ণ যোগ সাধাৰণতে আহাৰ মাহৰ ৬/৭ তাৰিখৰ পৰা ১০/১১ তাৰিখলৈকে থাকে। ড: বাণীকান্ত কাকতিয়ে অনুমান কৰে যে,এই মাতৃপূজা যি পাছৰ যুগত কামাখ্যা মাতৃৰ পূজাত পৰিণত হ’ল,সি পোনতে মাতৃতন্ত্ৰ প্ৰধান সমাজ অষ্ট্ৰিকসকলৰ মাজতহে প্ৰচলিত আছিল। আচলতে আজিৰ ‘পৃথিৱী দেৱী’ বা ‘ধৰিত্ৰী দেৱী’ৰ ধাৰণাও তেওঁলোকৰে আছিল। সেয়ে মাটিৰ উৰ্বৰতা সম্পৰ্কীয় এই অনুষ্ঠান ৷ নামনি অসমৰ ঠায়ে ঠায়ে ষাঁঠ আৰম্ভ হয় জেঠৰ সংক্ৰান্তিৰ তিনিদিন পূৰ্বৰে পৰা। ষাঁঠত সধবা তিৰোতাই ব্ৰত কৰে।
ব্ৰত আৰম্ভ হোৱা দিনা আয়তীসকলে গীত-পদ গাই আৰু উৰুলী দি পানীৰ তলৰ পৰা বোকা-মাটি তুলি আনি বৰাত পূজা পাতে। ফুল-সেন্দুৰ,তামোল-পাণ আদিৰে সজোৱা,পূজাৰ বেদী স্বৰূপ আসন পতা পীৰা এখনতথপা এই মাটিত বিভিন্ন শস্যৰ বীজ ছটিওৱা হয়। এই মাটিত যিবিধ শস্য বেছিকৈ গজে সেইবিধৰ খেতি সেই বছৰত বেছিকৈ হয় বুলি লোকবিশ্বাস আছে। স্বামীৰ দীৰ্ঘায়ু কামনা কৰি আয়তী-সকলে ব্ৰতৰ কেইদিনত এই মাটিত পূজা-সেৱা কৰে। ব্ৰতৰ অন্তত থাপনাৰে সৈতে সকলো সামগ্ৰী পানীত উটুৱাই দিয়া নিয়ম। কৃষক আৰু গঞালোকে অম্বুবাচীৰ সময়ত নিম্ন উল্লিখিত বাধা-নিষেধবোৰ পাৰ্যমানে ৰক্ষা কৰি আহিছে ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা সৃষ্টি হবৰ দিনৰে পৰা ।

আমাৰ ‘সাত লগা’ বুলিলে যিবোৰ নিয়ম পৰম্পৰাগতভাৱে প্ৰচলিত সেইবোৰ হ’ল–
১) পৃথিৱী ৰজঃস্বলা হোৱা হেতু সেই চাৰিদিন কৃষকসকলে হালখতি কৰে । বীজ ৰোপন কাৰ্য বন্ধ ৰাখে ।

২) মাটি খন্দা , কোৰ মৰা আদি কাম নকৰে৷
৩) ভঁৰালঘৰ নুচুৱে বা ভঁৰালঘৰৰ পৰা ধান নানে ।
৪) মাটিত পৰা বস্তুও বহুত লোকে গ্ৰহণ নকৰে ।
৫) ব্ৰহ্মচাৰী আৰু বিধৱাসকলে ৰন্ধা আহাৰ গ্ৰহণ নকৰে। সেই কেইদিন কেৱল ফলমূল আৰু গাখীৰহে গ্ৰহণ কৰে ।
৬) হিন্দু ধৰ্মাৱলম্বী লোকসকলে মঠ-মন্দিৰ আদি নুচুৱে ৭) পূজা-পাতল কৰা , চাকি-বন্তি জ্বলোৱা আদি সকলো ধৰ্মীয় কাম-কাজ বন্ধ ৰাখে । অৱশ্যে সাম্বৎসৰিক বা প্ৰেতকৰ্ম আদি কৰাত বাধা নাই ।
৮) অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰা কাপোৰ কানি শুচি নকৰাকৈ পিছত পিন্ধা -উৰা নকৰে ।
৯) আমতি ভাঙাৰ পিছত আগৰ বাঢ়নী , পেলাই দি নতুন বাঢ়নী আদি ব্যৱহাৰ কৰা নিয়ম৷ ১০) আমতিৰ সময়ত শিপিনী সকলে শালত নবহে ।কাৰণ শালৰ গাৰীৰ খুটি মাটিত পুতোতে মাটি খুন হয় ।
১১) আমতি ভাঙাৰ পিছত ৰন্ধা-বঢ়া কৰা কেৰাহিবোৰ জুইৰে পুৰি কাজল নাইকীয়া কৰা হয়। আন সকলো বস্তু যেনে চৰু-হাৰি , ঢাৰি-পিৰা আনকি গচা , তামোল খুন্দা চুঙা-টাকোন আদিও ধুই দিয়া হয় ।১২) ঘৰ-কাঠী আলতীয়া মাটিৰে মুঁচি-কাচি তাৰ পিছত ঘৰৰ তিৰোতা মানুহে গা-পা ধুই সকলো ফালে পানী চটিয়াই শুধ কৰে। এৱাঁ গাখীৰত সোণ-ৰূপ জোবোকা মাৰি দুবৰিৰে চটিয়াই শুধ কৰে । ঘৰ-চোতালবোৰ গোবৰ পানী চটিয়াই শুধ কৰে ।

এইবাৰ সাত লাগিব আহাৰৰ ৭ তাৰিখ অৰ্থাৎ ২২জুনৰ দুপৰীয়া ০২:০৬:০৭ বজাত (প্ৰবৃত্তি) আৰু এয়া ২৫ জুনৰ নিশা ০২:২৯:০৯ বজালৈ (নিবৃত্তি) থাকিব।

(সংগৃহীত)
First published: