মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসমৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে সুখবৰ ! নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব জুনিয়ৰ বিশ্বকাপ পুৰুষ হকী...

অসমৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে সুখবৰ ! নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব জুনিয়ৰ বিশ্বকাপ পুৰুষ হকী...

News18 Assam | News18-Assam
Updated:August 27, 2021, 5:03 PM IST
অসমৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে সুখবৰ ! নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব জুনিয়ৰ বিশ্বকাপ পুৰুষ হকী...
Junior World Cup Hockey: চলিত বৰ্ষৰ নবেম্বৰত গুৱাহাটীত অনুষ্ঠিত হব জুনিয়ৰ বিশ্বকাপ হকী। শুকুৰবাৰে এই কথা নিউজ ১৮ ক জনাই বিশ্ব হকীৰ মূৰব্বী তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি ড: নৰেন্দ্ৰ বাট্ৰাই। এদিনীয়া ভ্ৰমনসূচীলৈ গুৱাহাটীত উপস্থিত ভাৰতীয় অলিম্পিকৰ সভাপতি নৰেন্দ্ৰ বাট্ৰা।

  • Share this:
Junior World Cup Hockey: চলিত বৰ্ষৰ নবেম্বৰত গুৱাহাটীত অনুষ্ঠিত হব জুনিয়ৰ বিশ্বকাপ হকী। শুকুৰবাৰে এই কথা নিউজ ১৮ ক জনাই বিশ্ব হকীৰ মূৰব্বী তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি ড: নৰেন্দ্ৰ বাট্ৰাই।

এদিনীয়া ভ্ৰমনসূচী লৈ শুকুৰবাৰে আহি উপস্থিত হোৱা ভাৰতীয় হকী ফেডাৰেছন আৰু কমনৱেলথ গেমছৰ সভাপতি ড: নৰেন্দ্ৰ বাট্ৰাক গুৱাহাটীত সম্বৰ্ধনা জনাই অসম হকী সন্থাৰ সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। সম্বৰ্ধনা অনুষ্ঠানত মহানগৰ আৰক্ষী আযুক্ত তথা অসম চাইক্লিং সন্থাৰ সভাপতি হাৰমীট সিং উপস্থিত আছিল। হকী ইণ্ডিয়াৰ মূৰব্বী নৰেন্দ্ৰ বাট্ৰাই জনোৱা মতে গুৱাহাটীত হ'বলগীয়া জুনিয়ৰ বিশ্বকাপ হকীত ঘৰুৱা ভাৰতীয় দলৰ লগতে বিশ্বৰ ২২ খন দেশ ক্ৰমে অষ্ট্ৰেলিয়া, আৰ্জেন্টিনা, জাৰ্মানী, স্পেইন, ফ্ৰান্স, নিউজিলেন্ড, দক্ষিণ কোৰিয়া, দক্ষিণ আফ্ৰিকা, জাপান, বেলজিয়াম, ইংলেণ্ডৰ দৰে হকীৰ শক্তিশালী দেশ আহিব। এই সম্পৰ্কত শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰিব বিশ্ব হকীৰ সভাপতি নৰেন্দ্ৰ বাট্ৰাই।
Published by: Kokil Sarma
First published: August 27, 2021, 5:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি