বংগোপ সাগৰ (Bay of Bengal)ত ২৫ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা "জাৱাদ" ধুমুহাৰ প্ৰভাৱত ৪ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই আগজাননী কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (Regional Meteorological Centre, Barjhar)ই।
বতৰ বিজ্ঞানীয়ে জানিব দিয়া মতে অহা ৫ ডিচেম্বৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু স্থানত ধাৰাসাৰ বৰষুণ অহাৰ উপৰি ৭ ডিচেম্বৰলৈ অসমৰ বিভিন্ন স্থানত হ'ব বৰষুণ। ইতিমধ্যেই "জাৱাদ" সাগৰীয় ধুমুহাৰ ফলত ওড়িশা (Odisha), অন্ধপ্ৰদেশ (Andhra Pradesh)ৰ বিভিন্ন ঠাইত বৰষুণ আৰম্ভ হৈছে।