உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘মই শুই আছিলো, দেউতাই মোক জগাই কৈছিল – বুঢ়াক মই মাৰি দিলো’ – জাপৰিগোগ হত্যাকাণ্ডৰ অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰক মন্তব্য

    ‘মই শুই আছিলো, দেউতাই মোক জগাই কৈছিল – বুঢ়াক মই মাৰি দিলো’ – জাপৰিগোগ হত্যাকাণ্ডৰ অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰক মন্তব্য

    তেওঁ কয়, হেমধৰ বৰুৱাই ঘৰ এৰি যাবলৈ আমাক কৈছিল, কিন্তু কাজিয়া কেতিয়াও হোৱা নাছিল।

    তেওঁ কয়, হেমধৰ বৰুৱাই ঘৰ এৰি যাবলৈ আমাক কৈছিল, কিন্তু কাজিয়া কেতিয়াও হোৱা নাছিল।

    তেওঁ কয়, হেমধৰ বৰুৱাই ঘৰ এৰি যাবলৈ আমাক কৈছিল, কিন্তু কাজিয়া কেতিয়াও হোৱা নাছিল।

    • Share this:
    জাপৰিগোগ হত্যাকাণ্ড সন্দৰ্ভত অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰক মন্তব্য। কেমেৰাৰ সন্মুখত হত্যাকাণ্ড সন্দৰ্ভত চাঞ্চল্যকৰ স্বীকাৰোক্তি পুত্ৰৰ। কেমেৰাৰ সন্মুখত ধৰণী ডেকাৰ পুত্ৰই কয়, ‘‘হত্যাকাণ্ড সংঘটিত হোৱা সময়ত মই শুই আছিলো। দেউতাই জগাই মোক কৈছিলে 'বুঢ়াক মই মাৰি দিলো’। মাক বলৎকাৰ কৰাৰ কথা কৈছিল দেউতাই। মোক ৰিক্সাত উঠাই দেউতাই আহিব দিছিল গণেশগুৰিলৈ। বিশালৰ সন্মুখত মোক ২ হাজাৰ টকা দেউতাই হাতত তুলি দি ভাইটিক স্কুলৰ পৰা লৈ মাহীৰ ঘৰলৈ যাবলৈ ক’লে। মাহীৰ পৰা ৫০০টকা লৈ মই আদাবাৰীৰ মামাৰ ঘৰলৈ গ’লো। মামাৰ ঘৰৰ পৰা নলবাৰী গাঁৱৰ ঘৰলৈ গ’লো। আৰক্ষীয়ে মতাই পঠিওৱাত মই দিছপুৰ থানাত হাজিৰ হৈছো।’’



    তেওঁ কয়, হেমধৰ বৰুৱাই ঘৰ এৰি যাবলৈ আমাক কৈছিল, কিন্তু কাজিয়া কেতিয়াও হোৱা নাছিল। আনহাতে, আৰক্ষীৰ জিম্মাত থকা পিতৃ ধৰণী ডেকা আৰু মাতৃ ৰিমি ডেকাক আজি পুনৰ আদালতত হাজিৰ কৰোৱাব আৰক্ষীয়ে।
    Published by:Sanjay Kumar Das
    First published: