গুৱাহাটী এতিয়া কোনোপধ্যেই সুৰক্ষিত নহয়: হিমন্ত বিশ্ব শৰ্মা

News18 Assam | News18-Assam
Updated:May 23, 2020, 10:52 AM IST
গুৱাহাটী এতিয়া কোনোপধ্যেই সুৰক্ষিত নহয়: হিমন্ত বিশ্ব শৰ্মা
অসমত দ্ৰুত গতিত বৃদ্ধি  পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা

অসমত দ্ৰুত গতিত বৃদ্ধি  পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা

  • Share this:
অসমত দ্ৰুত গতিত বৃদ্ধি  পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিশেষকৈ গুৱাহাটী একেটা দিনতে ৩০ জনৰো অধিক ৰোগী চিনাক্ত হৈছে। সেয়েহে বহিঃ ৰাজ্যত থকা সকললৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ আহ্বান, ‘যতে আছে তাতে থাকক, গুৱাহাটী বা অসমখন এতিয়া সুৰক্ষিত হৈ থকা নাই।’

শুকুৰবাৰৰ নিশা এম এম চি এইচত উপস্থিতহৈ মন্ত্ৰীগৰকী এই সন্দৰ্ভত কয় যে, ‘গুৱাহাটীৰ পৰিবেশ লাহে লাহে অৱনতি ঘটিছে, বহুতে ভাবিছিল গুৱাহাটীখন সুৰক্ষিত স্থান, কিন্তু গুৱাহাটী বা অসমখন এতিয়া সুৰক্ষিত হৈ থকা নাই।’

বহিঃৰাজ্যত আবদ্ধ ৩,৬৫,০০০ লোকৰ একাউণ্টলৈ শুকুববাৰে ২,০০০ টকাকৈ দিয়া হৈছে। স্থানীয় বিধায়ককো তালিকা বনাবলৈ কোৱা হৈছে, অহা মাহতো এই টকা যোগান ধৰা হ’ব, অন্য স্থানত অফিচ, কোম্পানী সমূহ খোলা আৰম্ভ কৰিছে, সেয়েহে যতে আছে, তাতে থাকক।’

চিকিত্‍সক, নাৰ্চ সকলে সেৱা আগ্ৰহী হৈ থাকিলে আমি নিৰাপদ হৈ থাকিম। আনহাতে  ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে এম এম চি এইচত কোৰোনা ৰোগীক ৰাখিবলৈ স্থান নাইকিয়া হৈ পৰিছে, কেৱল এতিয়া মহিলা ৰোগীৰ বাবে আছে ৬ খন বিচনা। শুকুৰবাৰৰ দিনটোৰ কোৰোনা ৰোগী আৰু এম এম চি এইছৰ সম্পৰ্কত মন্ত্ৰী জনে কয় যে, '২৬ গৰকী ৰোগীৰ ভিতৰত ২০ গৰাকীক এম এম চি এইচলৈ অনা হৈছিল।’

মন্ত্ৰীজনে লগতে কয় যে, ‘২৪, ২৫ মে’ত কেইগৰাকীমান ৰোগীক যাবলৈ দিয়া হ’ব, তাৰে পিছতে খালি হব কিছু ঠাই। বৰ্তমান পুৰুষৰ বাবে কোনো বিচনা নাই এম এম চি ইছত।আজিৰে পৰা কলপাহাৰৰ হাস্পতাল আৰু সোণাপুৰৰ হাস্পতালত কোৰোণা ৰোগী ৰখা হ’ব। সোণাপুৰত ১০০ খন কোৰোণা ৰোগীৰ বিচনা আছে।গুৰুতৰ ভাবে অসুস্থ হ’লে ৰোগীক  জি এম চিত ৰখাৰ ব্যৱস্থা কৰা হ’ব।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading