ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড ট্যুৰিজিম ক'ৰপ'ৰেশ্বন(INDIAN RAILWAY CATERING AND TOURISM CORPORATION) চমুকৈ IRCTCৰ উদ্যোগত আৰম্ভ কৰা হৈছে ৰেষ্টুৰেন্ট। যাত্ৰী আৰু কৰ্মচাৰীৰ সুবিধাৰ্থে আজি মুকলি 'জন আহাৰ' ৰেষ্টুৰেন্ট।
ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড ট্যুৰিজিম ক'ৰপ'ৰেশ্বন(INDIAN RAILWAY CATERING AND TOURISM CORPORATION) চমুকৈ IRCTCৰ উদ্যোগত আৰম্ভ কৰা হৈছে ৰেষ্টুৰেন্ট। যাত্ৰী আৰু কৰ্মচাৰীৰ সুবিধাৰ্থে আজি মুকলি 'জন আহাৰ' ৰেষ্টুৰেন্ট।
শনিবাৰে গুৱাহাটী মহানগৰীৰ মালিগাঁওস্থিত কামাখ্যা ষ্টেচনত এক নতুন অধ্যায়ৰ সংযোজন কৰা হয়। যাত্ৰী আৰু কৰ্মচাৰীৰ সুবিধাৰ্থে ষ্টেচনটোত আজি মুকলি কৰা হয় 'জন আহাৰ' নামৰ ৰেষ্টুৰেন্ট।
জানিব পৰা মতে, ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড ট্যুৰিজিম ক'ৰপ'ৰেশ্বন (INDIAN RAILWAY CATERING AND TOURISM CORPORATION) চমুকৈ IRCTCৰ উদ্যোগত আৰম্ভ কৰা হৈছে ৰেষ্টুৰেন্টখন। ভাৰতীয় ৰে'ল বিভাগ তথা IRCTCৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত আজি বিয়লি ৩ বজাত ৰেষ্টুৰেন্টখনৰ শুভাৰম্ভণি কৰা হয়। উল্লেখ্য যে, ৰেষ্টুৰেন্টখনে যাত্ৰী তথা কৰ্মচাৰীসকলক অতি সুলভ মূল্যত খাদ্যৰ যোগান ধৰিব বুলি IRCTCৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে। ৰেষ্টুৰেন্টখনৰ শুভাৰম্ভণিয়ে কামাখ্যা ৰে'ল ষ্টেচনত যাত্ৰীসকলৰ এক বহুদিনীয়া আশা পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।মন কৰিবলগীয়া কথা যে, 'জন আহাৰ' ৰেষ্টুৰেন্টৰ জৰিয়তে IRCTCয়ে দেশৰ বিভিন্ন ষ্টেচনত সুলভ মূল্যত খাদ্যৰ যোগান অব্যাহত ৰাখিছে। IRCTCয়ে বিগত কেইবা বছৰ ধৰি গুৱাহাটী ৰে'ল ষ্টেচনতো যাত্ৰীসকলক 'জন আহাৰ'ৰ দ্বাৰা খাদ্যৰ যোগান ধৰি আছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|