• Home
  • »
  • News
  • »
  • assam
  • »
  • নিয়তিয়ে কাঢ়ি নিয়া ঈশানে অংশ ল’লেহেতেন ৰাজ্যিক টেবুল টেনিছ প্ৰতিযোগিতাত

নিয়তিয়ে কাঢ়ি নিয়া ঈশানে অংশ ল’লেহেতেন ৰাজ্যিক টেবুল টেনিছ প্ৰতিযোগিতাত

নিতৌ দুঘন্টাকৈ অনুশীলন কৰিছিল প্ৰতিভাৱান টেবুল টেনিছ খেলুৱৈ ঔমে।

নিতৌ দুঘন্টাকৈ অনুশীলন কৰিছিল প্ৰতিভাৱান টেবুল টেনিছ খেলুৱৈ ঔমে।

নিতৌ দুঘন্টাকৈ অনুশীলন কৰিছিল প্ৰতিভাৱান টেবুল টেনিছ খেলুৱৈ ঔমে।

  • Share this:
এগৰাকী প্ৰতিভাৱান টেবুল টেনিছ খেলুৱৈ আছিল ঈশান। মহানগৰীৰ NHTTF ত সদায়েই দুঘন্টাকৈ কঠোৰ অনুশীলন কৰিছিল সকলোৰে মৰমৰ ঔমে। ভবিষ্যতে ডাঙৰ খেলুৱৈ হোৱাৰ সপোন পুহি ৰাখিছিল ঔমে। চলিত বৰ্ষৰ পৰা প্ৰতিযোগিতা মূলক খেলত অংশ লোৱাৰ কথা আছিল ঔমৰ। ৰাজ্যিক প্ৰতিযোগিতাৰ বাবে সাজু থকা ঔম আৰু তেওঁৰ কণিষ্ঠ ভাতৃ নমোৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে টেবুল টেনিছৰ প্ৰতিস্থানটোৰ অন্যান্য খেলুৱৈ, প্ৰশিক্ষক, অভিভাৱক আৰু কৰ্মকৰ্তা। সেয়ে NHTTF য়ে দুদিনীয়াকৈ বন্ধ ৰাখিছে প্ৰতিষ্ঠানটোৰ পাঠ্যক্ৰম আৰু অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৱায়াৰলেছৰ জুইয়ে গোস্বামী দম্পত্তিৰ দুই সন্তানৰ উপৰিও অকালতে কাঢ়ি নিলে ভৱিষ্যতৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ। বিভিন্ন সময়ত ককায়েক ঔমক নিবলৈ আহোতে ভাতৃ নমোৱেও হাতত তুলি লৈছিল টেবুল টেনিছৰ ৰেকেট।
Published by:Tulika Devi
First published: