মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Independence Day 2021 : আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস, কোৰোণাৰ মাজতো স্বাধীনতা দিৱসক লৈ দেশজুৰি ব্যাপক উৎসাহ

Independence Day 2021 : আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস, কোৰোণাৰ মাজতো স্বাধীনতা দিৱসক লৈ দেশজুৰি ব্যাপক উৎসাহ

Manjumoni Borah | News18-Assam
Updated:August 15, 2021, 7:10 AM IST
Independence Day 2021 : আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস, কোৰোণাৰ মাজতো স্বাধীনতা দিৱসক লৈ দেশজুৰি ব্যাপক উৎসাহ
আজি স্বাধীনতা দিৱস (Independence Day 2021) কাৰ্যসূচীত বিশেষ অতিথিৰূপে থাকিব টকিঅ' অলিম্পিকত পদক জয় কৰা দেশৰ গৌৰৱ সন্তানসকল। অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁয়ো (Lovlina Borgohain) থাাকিব এই দলত। 

আজি স্বাধীনতা দিৱস (Independence Day 2021) কাৰ্যসূচীত বিশেষ অতিথিৰূপে থাকিব টকিঅ' অলিম্পিকত পদক জয় কৰা দেশৰ গৌৰৱ সন্তানসকল। অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁয়ো (Lovlina Borgohain) থাাকিব এই দলত। 

  • Share this:
আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস (Independence Day 2021) উদযাপন কৰিছে ভাৰবৰ্ষই। কোৰোণা (Corona)ৰ ভয়ৱহতাৰ মাজতো স্বাধীনতা দিৱসক লৈ উৎসাহ কমা নাই দেশবাসীৰ। আজি ত্ৰিৰংগাৰ ৰঙত গৌৰৱময় ভাৰত।

৭৫সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে উৰুৱাব জাতীয় পতাকা। কঠোৰ নিৰাপত্তাৰ মাজত দিল্লীত আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী। আজি স্বাধীনতা দিৱস কাৰ্যসূচীত বিশেষ অতিথিৰূপে থাকিব টকিঅ' অলিম্পিকত পদক জয় কৰা দেশৰ গৌৰৱ সন্তানসকল। অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁয়ো (Lovlina Borgohain) থাাকিব এই দলত।

ইপিনে খানাপাৰাত ৰাজ্য চৰকাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। খানাপাৰালৈ যোৱাৰ আগতে মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধঞ্জলি পাৰ্কলৈ গৈ শ্বহীদ সকলৰ স্মৃতি বেদীত শ্ৰদ্ধাঞ্জলি জনাব আৰু পতাকা উত্তোলন কৰিব।
Published by: Manjumoni Borah
First published: August 15, 2021, 7:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি