খানাপাৰাত এতিয়া কোভিড চিকিৎসালয়, এইবাৰ ক'ত উদযাপিত হ'ব স্বাধীনতা দিৱস?

News18 Assam | News18-Assam
Updated:August 2, 2020, 9:11 PM IST
খানাপাৰাত এতিয়া কোভিড চিকিৎসালয়, এইবাৰ ক'ত উদযাপিত হ'ব স্বাধীনতা দিৱস?
কোৰোণাৰ সন্ত্ৰাস নথকা হেতেন বৰ্তমান খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত চলি থাকিল হেতেন পেৰেডৰ অনুশীলন।

কোৰোণাৰ সন্ত্ৰাস নথকা হেতেন বৰ্তমান খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত চলি থাকিল হেতেন পেৰেডৰ অনুশীলন।

  • Share this:
কোৰোণাৰ সন্ত্ৰাস নথকা হেতেন বৰ্তমান খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত চলি থাকিল হেতেন স্বাধীনতা দিৱসৰ বাবে পেৰেডৰ অনুশীলন। কিন্তু এইবাৰ নাই তেনে পৰিৱেশ।খানাপাৰাৰ পৰিৱৰ্তে হয়টো এইবাৰ লতাশিল অথবা জৰ্জ খেলপথাৰত উদযাপিত হ'ব স্বাধীনতা দিৱস ৷

বৰ্তমান সমগ্ৰ দেশত কোৰোণাৰ আতংক। কোৰোণাৰ বিৰুদ্ধে যুঁজিছে সকলোৱে। খানাপাৰাৰ পশু চিকিত্‍সা মহাবিদ্যালয় খেলপথাৰত অস্থায়ী ভাবে স্থাপন কৰা হৈছে কোভিড কেয়াৰ চেণ্টাৰ। ফলত স্বাধীনতা দিৱস উদযাপন কৰা হ'ব তাক লৈ দুটা বিকল্প হাতত ৰাখিছে প্ৰশাসনে৷ দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা লতাশিল আৰু জজ খেলপথাৰৰ ভিতৰত যিকোনো এঠাইত অনুষ্ঠিত হ'ব স্বাধীনতা দিৱস ৷

খেলপথাৰ দুখনত এতিয়া আৰক্ষী বি এচ এফৰ ২৪ ঘণ্টাই চলিছে পহৰা৷ মোতায়েন কৰা হৈছে বিশেষ শাখাৰ আৰক্ষীকো ৷ কিন্তু সমস্যাতো হৈছে দুয়োখন খেলপথাৰত গজি উঠা ওখ ওখ ঘাঁহবোৰকলৈ৷ অৱশ্যেই শণিবাৰৰ দিনটোত যন্ত্ৰ লগাই ঘাঁহ কটা হৈছিল যদিও যন্ত্ৰ বিকল হোৱাত দেওবাৰে চলা নাই ঘাঁহ কটাৰ কাম৷ পেৰেডৰ অনুশীলন কৰিবলৈ সম্প্ৰতি  খেলপথাৰ দুখনৰ মাটিখিনিও কোমল৷ যাৰ বাবে কোনখন খেলপথাৰ বাচি ল'ব এতিয়াও হোৱা নাই নিশ্চিত ৷
Published by: Himangshu Bhuyan
First published: August 2, 2020, 9:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading