ইমাৰনৰ আন এজন সহযোগী ৰাজীৱ কলিতাক দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ সময়ত বৰঝাৰ আৰক্ষীয়ে কালি বিমানবন্দৰতে গ্ৰেপ্তাৰ কৰে।
ইমাৰনৰ আন এজন সহযোগী ৰাজীৱ কলিতাক দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ সময়ত বৰঝাৰ আৰক্ষীয়ে কালি বিমানবন্দৰতে গ্ৰেপ্তাৰ কৰে।
কিছুদিন পূৰ্বে লোহিত কনষ্ট্ৰাকচনে জনস্বাস্থ্য কাৰিকৰী বিভাগত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা স্বাক্ষৰ সম্বলিত এখন ৱৰ্ক অৰ্ডাৰত দাখিল কৰিছিল বিভাগত৷ ৱৰ্ক অৰ্ডাৰখনত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সন্দেহজনক হোৱাৰ বাবে লগে লগে বিভাগৰ ফালৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অৱগত কৰাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিছপুৰত দাখিল কৰে এক এজাহাৰ৷ ADCP বিবেকানন্দ দাসৰ নেতৃত্বত তদন্ত চলাবলৈ গৈ প্ৰথমে দিছপুৰ আৰক্ষীয়ে লোহিত কনষ্ট্ৰাকচনৰে জড়িত ৪জন ঠিকাদাৰ ক্ৰমে বিনীত পোড্ডাৰ, দীপজ্যোতি দত্ত, জয়মিনি মোহন আৰু পংকজ গগৈক আটক কৰিছিল৷ চাৰিওগৰাকী ঠিকাদাৰক সোধা–পোছা কৰাত ওলাই পৰিছিল কেনেদৰে ইমৰান শ্বাহ চৌধুৰী নামৰ ব্যক্তি এজনে মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰি বনাই দিছিল ৱৰ্ক অৰ্ডাৰ৷
ইয়াৰ পিছৰ পৰাই দিল্লীত গৈ আত্মগোপন কৰি আছিল ইমৰান শ্বাহ চৌধুৰীয়ে৷ দিল্লীত ইমাৰনৰ আন এজন সহযোগী ৰাজীৱ কলিতাক দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ সময়ত বৰঝাৰ আৰক্ষীয়ে কালি বিমানবন্দৰতে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে ADCP বিবেকানন্দ দাসৰ নেতৃত্বত দিছপুৰ আৰক্ষীৰ এটা দলে দিল্লীলৈ গৈ ইমৰানক আটক কৰে। সোমবাৰে সন্ধিয়া দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ লৈ অনা হয় মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ ভুৱাৰ অভিযোগত অভিযুক্তি ইমাৰন শ্বাহ চৌধুৰীক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|