দেশৰে উৎকৃষ্ট অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতিষ্ঠানে Indian Institute of Technology চমুকৈ আই আই টিৰ শিক্ষাৰ্থীয়ে সদায় Campus recruitmentৰ ক্ষেত্ৰত শিৰোনাম দখল কৰি আহিছে । দেশী-বিদেশী কোম্পানীবোৰৰ প্ৰতিনিধি প্ৰতিষ্ঠানবোৰলৈ আহে আৰু চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক চাকৰি দিবলৈ উদ্যত হয় । চাকৰিৰ দৌৰাত্ম্যত লিপ্ত হয় দিয়াজন ।
সকলোতকৈ উৎকৃষ্ট শিক্ষাৰ্থীজন ল’বলৈ বহুজাতিক কোম্পানীসমূহৰ মাজত খোৱা–কামোৰা লাগে। ফলত লাভান্বিত হয় চাকৰি বিচৰাজন। কাৰণ দৰমহাই আকাশ স্পৰ্শ কৰে। এইবাৰ আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীয়ে দেশৰ কোম্পানীৰ পৰাই বছৰি ১.২কোটি টকা দৰমহাৰ চাকৰি পাবলৈ সক্ষম হৈছে। অৰ্থাৎ মাহে প্ৰায় ১০ লাখ টকা। কলেজৰ পৰা ওলায়েই লাভ কৰিব সেই দৰমহা।
উল্লেখযোগ্য যে আই আই টি গুৱাহাটীৰ এজন ছাত্ৰই এটা বিদেশী প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে ২.০৫ কোটি টকাৰ পেকেজ। দেশৰ ভিতৰত সৰ্বোচ্চ দৰমহাৰে চাকৰি লাভৰ ক্ষেত্ৰত শীর্ষত আছে আই আই টি বোম্বে। প্ৰতিষ্ঠানটোৰ এজন অভিযান্ত্ৰিক শিক্ষাৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীক দেশতে কৰ্ম সংস্থাপনৰ কাৰণে প্ৰদান কৰা হৈছে ১.৮ কোটি। একে প্ৰতিষ্ঠানৰে এজনক বিদেশত চাকৰিৰ কাৰণে যচা হৈছে ২.১ কোটি টকা। আই আই টি ৰুৰ্কীৰ এজন শিক্ষাৰ্থীয়েও ভাৰতীয় প্ৰতিষ্ঠানৰ পৰা ১.৮ কোটি টকাৰ চাকৰি লাভ কৰিছে ।
আই আই টিৰ প্ৰতিনিধি এনেধৰণৰ Campus Placementৰ পৰা যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হৈছে । মহামাৰীৰ সময়ত চৌহদ সংস্থাপন প্ৰভাৱিত হৈছিল, কিন্তু ই এতিয়া স্বাভাৱিক ছন্দ ঘূৰাই পাইছে বুলিও মন্তব্য কৰে আই আই টিৰ প্ৰতিনিধিয়ে। বিশেষকৈ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ খণ্ডটোত সর্বাধিক চাকৰি লাভ কৰা বুলি জানিব পৰা গৈছে। আনহাতে বিদেশৰ ভিতৰত জাপানৰ কোম্পানীসমূহে সৰ্বাধিক Campus Placementত অংশ লোৱা দেখা পোৱা গৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|