আই আই টি কৰ্তৃপক্ষই ততাতৈয়াকৈ ছাত্ৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে প্ৰশান্তক মৃত বুলি ঘোষণা কৰে।
আই আই টি কৰ্তৃপক্ষই ততাতৈয়াকৈ ছাত্ৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে প্ৰশান্তক মৃত বুলি ঘোষণা কৰে।
আই আই টি গুৱাহাটীত (IIT Guwahati) পুনৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে শিক্ষা প্ৰতিষ্ঠানখনত। মৃত ছাত্ৰজনৰ নাম প্ৰশান্ত কুমাৰ আৰুখা (২৫) আৰু ঘৰ ওড়িশাত (Odisha)। আই আই টি গুৱাহাটীৰ কপিলি হোষ্টেলত ২৫ জানুৱাৰীৰ সন্ধিয়া, বিচনাত মুৰ্মূষু অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজন।
ছাত্ৰাবাসৰ সহযোগী ছাত্ৰৰ ভাষ্যনুসৰি, প্ৰশান্তই দুদিন ধৰি হোষ্টেলৰ দৰ্জা নোখোলাত আই আই টিৰ সুৰক্ষা কৰ্মীক বিষয়টো অৱগত কৰে। সুৰক্ষাকৰ্মীয়ে দৰ্জা ভাঙি কোথাত প্ৰৱেশ কৰি প্ৰত্যক্ষ ছাত্ৰজনক। পিছত আই আই টি কৰ্তৃপক্ষই ততাতৈয়াকৈ ছাত্ৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে প্ৰশান্তক মৃত বুলি ঘোষণা কৰে।
মানৱ সম্পদ আৰু সমাজ বিজ্ঞানৰ গৱেষক ছাত্ৰ আছিল প্ৰশান্ত কুমাৰ আৰুখা। ঘটনাস্থলীত আমিনগাঁও আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পৰিয়ালৰ উপস্থিতিত আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই খবৰে মৰ্মাহত কৰে শিক্ষাৰ্থী তথা আই আই টি পৰিয়ালক।
আমিনগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তন্ময় নাথে জনোৱা মতে, আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ পিতৃ–মাতৃয়ে পোনে পোনে ওড়িশালৈ লৈ নি সৎকাৰ কৰিব। উল্লেখযোগ্য যে আই আই টি গুৱাহাটীত এতিয়ালৈকে কেইবাজনো শিক্ষাৰ্থীৰ কোঠাত ৰহস্যজনক মৃত্যু হৈছে যদিও কোনো এটা ঘটনাৰে ৰহস্য উদঘাটন নহ’ল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|