মহানগৰীৰ শ্ৰেণীকোঠাত পাঠদানত ব্যস্ত ভাৰতীয় প্ৰশানিক সেৱা (IAS)ৰ এগৰাকী বিষয়া। শিক্ষা সচিবৰ নতুন দায়িত্ব লৈ বিষয়াগৰাকী ব্যস্ত মহানগৰীৰ বিদ্যালয়ৰ শ্ৰেণী কোঠাত ৷ সকলো বিষয়াৰ দৰে কেৱল কাগজে পত্ৰই নহয়, এইবাৰ বিদ্যালয়ৰ শ্ৰেণী কোঠাই কোঠাই ৰাজ্য চৰকাৰৰ শিক্ষা সচিব ভাৰত ভূষণ দেৱ চৌধুৰী (Bharat Bhushan Devchoudhury)ৰ পৰ্য্যবেক্ষণ ৷
শিক্ষা বিভাগৰ নতুন দায়িত্ব লৈ বৃহস্পতিবাৰে শিক্ষকৰ ৰূপত দেখা গ'ল বিষয়াগৰাকীক ৷ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কৰিলে শিক্ষা সচিব চৌধুৰীয়ে।
শিক্ষৰ্থীয়ে কেনেকৈ পঢ়িব লাগে? কেনেকৈ বুজিব লাগে আৰু নুবুজিলে কি কৰিব লাগে, শিক্ষাৰ্থীসকলক এই মহান মন্ত্ৰ জ্ঞান দিলে বিষয়াগৰাকীয়ে ৷ ব্যক্তিগত বিদ্যালয়ৰ তুলনাত কিয় পিছপৰা চৰকাৰী বিদ্যালয় ৷
কিয় ব্যক্তিগত খণ্ডৰ তুলনাত নিম্নগামী চৰকাৰী বিদ্যালয়ৰ ফলাফল, চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে কিয় ইচ্ছুক নহয় শিক্ষাৰ্থী অভিভাৱক ৷ বিদ্যালয়ত উপস্থিত হৈ তন্ন তন্নকৈ পৰ্য্যবেক্ষণ শিক্ষা সচিবজনৰ ৷ এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়া শিক্ষকসকলক সময়ে সময়ে প্ৰশিক্ষণ প্ৰদানৰো পৰামৰ্শ শিক্ষা সচিবগৰাকীৰ ৷ যাতে প্ৰকৃত শিক্ষণ শৈলীৰ জড়িয়তে উপকৃত হয় শিক্ষাৰ্থী ৷
উল্লেখ্য যে প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰত বন্ধ থাকে চৰকাৰী কৰ্য্যালয় ৷ এইসময়ত শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়়ত পাঠদান কৰিব বুলি মন্তব্য কৰে ৷ লগতে শিক্ষাৰ্থী, বিদ্যালয়ে প্ৰযোজন অনুভৱ কৰিলে দেওবাৰেও পাঠদান কৰিবলৈ সাজু ভাৰত ভূষণ চৌধুৰী ৷