• Home
  • »
  • News
  • »
  • assam
  • »
  • Liquor Home Delivery : ঘৰে ঘৰে পাব সুৰা, কিন্তু অনলাইনত কিদৰে ক্ৰয় কৰিব পাৰিব সুৰা?

Liquor Home Delivery : ঘৰে ঘৰে পাব সুৰা, কিন্তু অনলাইনত কিদৰে ক্ৰয় কৰিব পাৰিব সুৰা?

representative image

representative image

Amtronৰ সহায়ত আবকাৰী বিভাগে এটা মোবাইল Application প্ৰস্তুত কৰি আছে বুলি জানিব পৰা গৈছে। এই এপৰ জড়িয়তে গ্ৰাহকে ঘৰৰ পৰাই কিনিব পাৰিব সুৰা।

  • Share this:
ৰাজ্য চৰকাৰে কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে সুৰাৰ হোম ডেলিভাৰী কৰাত অনুমোদন জনাইছে বুধবাৰৰ কেবিনেট বৈঠকত। সেয়াই হ'লে সুৰাৰ বিপণীত শাৰী পাতি আৰু ভিৰ কৰি সুৰা কিনিব নালাগিব গ্ৰাহকে। ফলত কোৰোণাৰ সংক্ৰমণ হ্ৰাস পাব বুলি আশা কৰিছে চৰকাৰে।

কিন্তু প্ৰশ্ন হৈছে অনলাইনত কিদৰে সুৰা কিনিব গ্ৰাহকে?

ইতিমধ্যে Amtronৰ সহায়ত আবকাৰী বিভাগে এটা মোবাইল Application প্ৰস্তুত কৰি আছে বুলি জানিব পৰা গৈছে। এই এপৰ জড়িয়তে গ্ৰাহকে ঘৰৰ পৰাই অন্য সামগ্ৰী কিনাৰ দৰেই এতিয়াৰে পৰা কিনিব পাৰিব সুৰা।

সুৰা বিক্ৰীৰ ক্ষেত্ৰত থাকিব নিৰ্দিষ্ট নীতি-নিয়ম।

কেৱল পঞ্জীয়নভুক্ত বিপণীয়েহে হয়তো পাব সুৰা যোগানৰ অনুমতি।
কোনো তৃতীয় পক্ষ বা প্ৰতিষ্ঠানক অনলাইন সুৰা বিক্ৰীৰ অনুমতি দিয়াৰ সম্ভাৱনা নাই ।
বিপণীয়ে নিজাববীয়াকৈ ব্যৱস্থা কৰিব লাগিব হোম ডেলিভাৰীৰ।
অনলাইনত সুৰা ক্ৰয়ৰ বাবে গ্ৰাহকে ভৰিব লাগিব পাৰে অতিৰিক্ত চাৰ্জ।

এইসকলো দিশ সমাৰি অচিৰেই চৰকাৰে নিৰ্দেশনা জাৰি কৰিব।

উল্লেখ্য যে এই সুবিধা পাব কেৱল গুৱাহাটী মহানগৰীৰ লোকেহে। প্ৰথম এমাহৰ বাবে কেৱল গুৱাহাটীত পৰীক্ষামূলকভাৱে কৰা হ'ব সুৰাৰ অনলাইন বিক্ৰী। তাৰ পাছত সকলো সুকলমে চলিলে অন্য জিলাতো এই সুবিধা প্ৰসাৰ কৰা হ'ব পাৰে। চৰকাৰী নটিফিকেচন ওলালেই অনলাই সুৰা বিক্ৰী আৰম্ভ হ'ব।
Published by:Manjumoni Borah
First published: