মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Horoscope Today, 14 October 2021: এই তিনিটা ৰাশিৰ জাতক–জাতিকাৰ কাৰণে মহানৱমী অত্যন্ত শুভ, কেৰিয়াৰৰ উন্নতিৰ যোগ

Horoscope Today, 14 October 2021: এই তিনিটা ৰাশিৰ জাতক–জাতিকাৰ কাৰণে মহানৱমী অত্যন্ত শুভ, কেৰিয়াৰৰ উন্নতিৰ যোগ

News18 Assam | News18-Assam
Updated:October 14, 2021, 11:15 AM IST
Horoscope Today, 14 October 2021: এই তিনিটা ৰাশিৰ জাতক–জাতিকাৰ কাৰণে মহানৱমী অত্যন্ত শুভ, কেৰিয়াৰৰ উন্নতিৰ যোগ
Horoscope Today (আজিৰ ৰাশিফল) 14 October জানক।

Horoscope Today (আজিৰ ৰাশিফল) 14 October জানক।

  • Share this:
মেষ : আজি ব্যৱসায়ৰ অনুকুল দিন। আজি চাকৰি সংক্ৰান্তীয় প্ৰতিটো কামত সফলতা পাব। আপোনাৰ পৰা যথেষ্ট সংখ্যক লোক প্ৰভাৱিত হ’ব। ব্যৱসায় ভাল হ’ব।

বৃষ: ভূমি বা ঘৰ কিনাৰ পৰিকল্পনা হ’ব। পিতৃৰ আশীৰ্বাদ লওক। পৰিয়ালৰ জীৱন আনন্দময় হ’ব। উচ্চপদস্থ বিষয়াৰ বা সমাজৰ ওখ খাপৰ ব্যক্তিৰ সৈতে সম্পৰ্ক বাঢ়িব। বেংকিং কেৰিয়াৰত উন্নতি আছে।

মিথুন: মিডিয়া তথা আইটি ক্ষেত্ৰৰ সৈতে জৰিত মানুহে পৰিৱৰ্তনৰ আঁচনি কৰিব পাৰে। শিক্ষাত সফলতা পাব পাৰে। আৰ্থিক উন্নতিৰ নতুন মাৰ্গ খুলিব। পৰিয়ালৰ সুখ–শান্তি অটুট থাকিব।

কৰ্কট: স্বাস্থ্যৰ কাৰণে অনুকুল সময়। শিক্ষা ক্ষেত্ৰত সফলতা পাব। ব্যৱসায়ত অলপ সমস্যা হ’ব পাৰে। পৰিয়ালৰ কামত ব্যস্ত হৈ পৰিব পাৰে। চাকৰিৰ উন্নতি হ’ব।

সিংহ: পলিটিকছৰ সৈতে জৰিত মানুহ সফল হ’ব। আজি ধনৰ লেন–দেনৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকক। নিজৰ আৰ্থিক স্থিতি উন্নত কৰিবলৈ চিন্তা কৰিব পাৰে। পিতৃৰ আশীৰ্বাদ লওক।

কন্যা: শিক্ষাৰ্থীয়ে নিজৰ কেৰিয়াৰত সুখী হৈ থাকিব। চাকৰিৰ ক্ষেত্ৰত সফলতা পাব। আজি আপুনি ধন লাভ কৰিব। মন অলপ বিচলিত হৈ থাকিব পাৰে। স্বাস্থ্যক লৈ সতৰ্ক হওক।

তুলা: ব্যৱসায়ত নতুন সুযোগ পাব। জবৰ ক্ষেত্ৰত উচ্চপদস্থৰ সৈতে সমস্যা থাকিব। কাম–কাজ ভাল হোৱাৰ যোগ। ধনৰ পথত বহু সমস্যা পাব।

বৃশ্চিকঃ কোনো কথাক লৈ অলপ মানসিক অৱসাদত ভুগিব। আৰ্থিক দিশত একাংশ লোকে সহায় কৰিব পাৰে। ব্যৱসায়ত সফলতা প্ৰাপ্তিৰ যোগ। শিক্ষাৰ্থীৰ কাৰণে ভাল দিন।

ধনু : আজি প্ৰত্যেক কামতে সফলতা পাব। ধনৰ ব্যয় হ’ব। বেংকিং তথা আইটি ক্ষেত্ৰৰ সৈতে জৰিত লোকে সফলতা পাব। সন্তানৰ প্ৰগতিক লৈ সন্তুষ্ট হৈ থাকিব।

মকৰ: ৰিয়েল ইষ্টেটৰ সৈতে জৰিত লোক সফল হ’ব। বেংকিং তথা শিক্ষাৰ চাকৰিত প্ৰমচনৰ পথ মুকলি হ’ব। ভাতৃ–ভগ্নীৰ সহযোগ পাব। যিকোনো তৰ্ক বা সংঘাতৰ পৰা আঁতৰি থাকক।

কুম্ভ: বিজনেছ তথা চাকৰিৰ ক্ষেত্ৰত সংঘৰ্ষ কৰিবলগীয়া হ’ব পাৰে। কোনো আশাৰে ৰিস্ক লৈ বিপদ মাতি নানিব।  নিজৰ খং আৰু কথা–বতৰাক লৈ আজি নিয়ন্ত্ৰণত থাকক। আজিৰ দিনটো যাত্ৰাৰ কাৰণে শুভ।

মীন: চাকৰিৰ ক্ষেত্ৰত বহু সোনকালে প্ৰমচনৰ সম্ভাৱনা। দুৰ্গা মাৰ পূজা কৰি থাকক। চাকৰিৰ ক্ষেত্ৰত কিবা ডাঙৰ লাভ হ’ব। চকুৰ সমস্যাত ভুগিব পাৰে। যাত্ৰা সুখপ্ৰদ হ’ব।
First published: October 14, 2021, 11:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি