உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Wine Home Delivery : ৰাজ্যত ঘৰে ঘৰে হ'ব পাৰে সুৰাৰ হোম ডেলিভাৰী। নতুন SOPত থাকিব পাৰে এই নিৰ্দেশনা। কোভিড নিয়ন্ত্ৰণৰ বাবেই ল'ব পাৰে এই সিদ্ধান্ত।

    Wine Home Delivery : ৰাজ্যত ঘৰে ঘৰে হ'ব পাৰে সুৰাৰ হোম ডেলিভাৰী। নতুন SOPত থাকিব পাৰে এই নিৰ্দেশনা। কোভিড নিয়ন্ত্ৰণৰ বাবেই ল'ব পাৰে এই সিদ্ধান্ত।

    representative image

    representative image

    শেহতীয়াকৈ ৰাজ্যৰ চুলাই ঘাটিসমূহৰ পৰা কোৰোণাৰ ব্যাপক সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে। গ্ৰামাঞ্চলত চুলাইৰ ঘাটি সমূহত নিতৌ অবাধে সুৰা বিক্ৰী হৈ আছে।

    • Share this:
    ৰাজ্যত বিশেষকৈ গুৱাহাটীত ঘৰে ঘৰে সুৰাৰ হোম ডেলিভাৰী হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে কৰি আছে এই চিন্তা। কাইলৈ ঘোষণা হ'ব পাৰে নতুন SOP। নতুন SOPত থাকিব পাৰে এই বিশেষ নিৰ্দেশনা। কোভিড নিয়ন্ত্ৰণৰ বাবেই ল'ব পাৰে এই বিশেষ তথা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সুৰাৰ বিপণীত ভিৰ কমাবলৈ আৰু চুলাই মদৰ ঘাটি সমূহত ভিৰ কমাবলৈ এই সিদ্ধান্ত ল'ব পাৰে অসম চৰকাৰে। আজি একাংশ সংবামাধ্যমত প্ৰকাশ পোৱা বাতৰি মতে গুৱাহাটীত আৰম্ভ হ'ব পাৰে সুৰাৰ হোম ডেলিভাৰী। ইয়াৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্দেশনা প্ৰস্তুত কৰি থকা বুলিও জানিব পৰা গৈছে। ২১ বছৰৰ তলৰ ব্যক্তিক কৰিব নোৱাৰিব সুৰা বিক্ৰী।

    উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ চুলাই ঘাটিসমূহৰ পৰা কোৰোণাৰ ব্যাপক সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে। গ্ৰামাঞ্চলত চুলাইৰ ঘাটি সমূহত নিতৌ অবাধে সুৰা বিক্ৰী হৈ আছে। বিশেষকৈ সুৰাৰ বিপণীসমূহ নিৰ্দিষ্ট সময়ত বন্ধ হৈ পৰে বাবে ভিতৰুৱা এলেকাত চুলাই মদৰ ঘাটিত হয় বহুত ভিৰ।

    উল্লেখ্য যে বুধবাৰৰ পৰা ৰাজ্যত নতুন SOP প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। অৱশ্যে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত থকা ৭ খন জিলাত কোনো ধৰণৰ শিথিলতা প্ৰদান কৰা নহয় বুলিও স্পষ্ট কৰি দিছিল মুখ্যমন্ত্ৰী শৰ্মাই। বিগত কেইদিনত ৰাজ্যখনত সংক্ৰমণৰ হাৰ উদ্বেগজনক হৈ থকা বুলি কেন্দ্ৰৰ পৰাও পত্ৰ আহিছে। সেয়ে এনে পৰিস্থিতিত সুৰাৰ হোম ডেলিভাৰী কৰাব পাৰি নেকি সেই কথাটো বিবেচনা কৰি আছে চৰকাৰে।
    Published by:Manjumoni Borah
    First published: