মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Guwahati Hit And Run Case: অৱশেষত গ্ৰেপ্তাৰ GNRCৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱা

Guwahati Hit And Run Case: অৱশেষত গ্ৰেপ্তাৰ GNRCৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱা

News18 Assam | News18-Assam
Updated:October 10, 2021, 7:11 PM IST
Guwahati Hit And Run Case: অৱশেষত গ্ৰেপ্তাৰ GNRCৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱা
তিনি দিনৰ জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক

তিনি দিনৰ জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক

  • Share this:

গুৱাহাটীৰ হিট এণ্ড ৰান গোচৰত অভিযুক্তক মিছাকৈ অসুস্থ বুলি হাস্পতালৰ আই চি ইউত ৰখাৰ বাবে অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল GNRCৰ চিকিৎসক নভনীল বৰুৱাক।


উল্লেখ্য, ২ অক্টোবৰত গুৱাহাটীৰ ৰুক্মিণীগাঁৱত ৰাজকন্যা বৰুৱাই সংঘটিত কৰা  ভয়ংকৰ দুৰ্ঘটনাটোত ৮গৰাকীকৈ শ্ৰমিক আহত হোৱাৰ পিছত জামিনত মুকলি হৈছিল। পিছদিনা তেওঁক অসুস্থতাৰ দোহাই দি GNRC হাস্পতালৰ ICUত ভৰ্তি  কৰোৱা হৈছিল।  অভিযোগ মতে ICUত থকাৰ সকলো ব্যৱস্থা কৰি দিছিল GNRCৰ  চিকিৎসক নভনীল বৰুৱাই।


পাছত চৰকাৰে গঠন কৰি দিয়া মেডিকেল বোৰ্ডে ৰাজকন্যাৰ ICUত ভৰ্তি হ'ব লগা তেনে কোনো অসুস্থতা পোৱা নাছিল আৰু ৰাজকন্যাক GNRCৰ  পৰাই পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়াত নভনীল বৰুৱাই সহযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু আৰক্ষীয়ে তেওঁক থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল।



আৰক্ষীয়ে তিনি দিন ধৰি সোধা-পোছা কৰাৰ অন্তত আজি সন্ধিয়া গুৱাহাটীৰ প্ৰতিষ্ঠিত চিকিৎসক নভনীল বৰুৱা (Dr Navanil Baruah)ক গ্ৰেপ্তাৰ কৰে। ২০১, ২১২, ১২০ (বি) ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে ডাক্তৰ নভনীল বৰুৱাক।

Published by: Gautam Barman
First published: October 10, 2021, 5:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি