মুখ্যপৃষ্ঠা » খবৰ

» অসম

»100 Days of Himanta Govt : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১০০ দিনীয়া কার্যকাল ! মহানগৰবাসীলৈ বিশেষ উপহাৰ...

100 Days of Himanta Govt : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১০০ দিনীয়া কার্যকাল ! মহানগৰবাসীলৈ বিশেষ উপহাৰ...

News18 Assam | News18-Assam
Updated:August 20, 2021, 1:09 PM IST
100 Days of Himanta Govt : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১০০ দিনীয়া কার্যকাল ! মহানগৰবাসীলৈ বিশেষ উপহাৰ...
১০০ দিনীয়া কার্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে মহানগৰীত হোৱা তিনিখন পদসেতু (foot-over bridge) আজি বিয়লি পাঁচ বজাত মুকলি কৰিব মুখ্যমন্ত্রী শর্মাই ৷

১০০ দিনীয়া কার্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে মহানগৰীত হোৱা তিনিখন পদসেতু (foot-over bridge) আজি বিয়লি পাঁচ বজাত মুকলি কৰিব মুখ্যমন্ত্রী শর্মাই ৷

  • Share this:
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে আজি ১০০ দিন সম্পূর্ণ কৰিব ৷ এশ দিনীয়া কার্যকাল সম্পূর্ণ হোৱা উপলক্ষে চৰকাৰখনে কেইবাটাও কার্যসূচী গ্রহণ কৰিছে ৷

এই কার্যসূচীৰ অংশ হিচাপে মহানগৰীত নির্মাণ সম্পূর্ণ হোৱা তিনিখন পদসেতু (foot-over bridge)  আজি মুকলি কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ আদাবাৰী , বৰিপাৰা আৰু শুক্রেশ্বৰ মন্দিৰৰ সমীপৰ পদসেতুকেইখন আজি বিয়লি পাঁচ বজাত মুখ্যমন্ত্রীয়ে মুকলি কৰিব ৷

এই অনুষ্ঠানত মন্ত্রী অশোক সিংঘাল, সাংসদ কুইন ওজা, বিধায়ক সিদ্ধার্থ ভট্টাচার্যৰ লগতে লোকনির্মাণ বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কর্মচাৰীসকল উপস্থিত থাকিব ৷ উল্লেখ্য যে, গুৱাহাটীৰ আধুনিকীকৰণৰ অংশ হিচাপে মহানগৰবাসীৰ সুবিধাৰ বাবে এই পদসেতুকেইখন নির্মাণ কৰা হৈছে ৷
Published by: Manjumoni Borah
First published: August 20, 2021, 12:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি