• Home
  • »
  • News
  • »
  • assam
  • »
  • Cabinet Meeting: মণ্ডলক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, জানক কেবিনেট বৈঠকৰ সবিশেষ

Cabinet Meeting: মণ্ডলক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, জানক কেবিনেট বৈঠকৰ সবিশেষ

Cabinet Meeting: মণ্ডলৰ সলনি এই পদৰ এতিয়া নতুন নাম হ'ব লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট (Land Record Assistant)।

Cabinet Meeting: মণ্ডলৰ সলনি এই পদৰ এতিয়া নতুন নাম হ'ব লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট (Land Record Assistant)।

Cabinet Meeting: মণ্ডলৰ সলনি এই পদৰ এতিয়া নতুন নাম হ'ব লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট (Land Record Assistant)।

  • Share this:
ৰাজ্যত এতিয়াৰে পৰা নাথাকে কোনো মণ্ডল। মণ্ডল (Mandal) পদৰ নাম সলনি কৰাৰ ডাঙৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) চৰকাৰে। আজি অনুষ্ঠিত কেবিনেট বৈঠক (Cabinet Meeting)ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মণ্ডলৰ সলনি এই পদৰ এতিয়া নতুন নাম হ'ব লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট (Land Record Assistant)।

নাম সলনিৰ লগতে এতিয়াৰে পৰা অন্য জিলাললৈও বদলি হ'ব মণ্ডল (Transfer of Mandals)সকলৰ। আগতে মণ্ডল জিলাৰ পৰা বদলি হোৱা নাছিল। এতিয়া এখন জিলাত ৫ বছৰ পৰ্যন্ত থাকিব পাৰিব এজন মণ্ডল। তাৰ পিছতে বদলি হ'ব অন্য জিলালৈ।

মণ্ডলৰ উপৰি কানানগো পদৰ নাম সলনি হৈ হ'ব Land Record Supervisor.
Inspector of Land Record জন Land Record Inspector হ'ব। তাৰ পিছত পদোন্নতি হৈ হ'ব লেণ্ড ৰেকৰ্ড অফিচাৰ (Land Record Officer).

এতিয়া নতুন পদত নিযুক্তি হোৱাসকলৰ ক্ষেত্ৰত বদলিৰ ব্যৱস্থা কৰা হ'ব।

কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী পীযূষ হাজৰিকা (Pijush Hazarika)ই এই কথা সদৰী কৰে।
Published by:Manjumoni Borah
First published: