• Home
  • »
  • News
  • »
  • assam
  • »
  • PM-CMs Meeting : কোৰোণাৰ তৃতীয় লহৰত সতৰ্কতাৰে আগবাঢ়িছে অসম, বৈঠকত প্ৰধানমন্ত্ৰীক জনালে মুখ্যমন্ত্ৰী শৰ্মাই

PM-CMs Meeting : কোৰোণাৰ তৃতীয় লহৰত সতৰ্কতাৰে আগবাঢ়িছে অসম, বৈঠকত প্ৰধানমন্ত্ৰীক জনালে মুখ্যমন্ত্ৰী শৰ্মাই

প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ বৈঠক

প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ বৈঠক

PM-CMs Meeting : অসমৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ক ধন্যবাদ জ্ঞাপন কৰে।

  • Share this:
দেশৰ কোভিড পৰিস্থিতিক (Covid19 Situation India)লৈ আজি সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰ্ছুৱেল বৈঠকত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ইও কোৰোণা পৰিস্থিতিক (Corona Situation in Assam) লৈ আয়োজন কৰা এই পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰে।

বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশত কোৰোণাৰ তৃতীয় লহৰৰ (Corona Third Wave) সৈতে যুঁজিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা পদক্ষেপসমূহৰ শলাগ লয়। মোদীৰ মূল্যৱান পৰামৰ্শৰ লগতে সময়মতে ৬৭০ কোটি টকাৰ সাহাৰ্য মোকলাই দিয়া বাবেই অসমেও কোভিড পৰিস্থিতিক বিশ্বাসৰ সৈতে চম্ভালিবলৈ আৰু স্বাস্থ্যখণ্ডৰ আন্তঃগাথনি উন্নত কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।



ছচিয়েল মিডিয়াত দিয়া এক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মই তেওঁক আশ্বস্ত কৰিছোঁ যে অসমে কোভিডৰ তৃতীয় লহৰৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সতৰ্কতাৰে আগবাঢ়িছে। তেওঁক এয়াও জনাওঁ যে অসমত ৯৫ শতাংশ লোকে কোৰোণা ভেকচিনৰ প্ৰথম পালি আৰু ৭১ শতাংশ লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছে।"

অসমৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে।
Published by:Manjumoni Borah
First published: