বাংলাদেশী মুছলমানৰ বাবেই ধ্বংস হৈছে অসম, ক’লে শিলাদিত্য দেৱে

২০১৭ চনৰ কৰিমগঞ্জ আদালতে শিলাদিত্য দেৱৰ বিৰুদ্ধে দিয়া চমনত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

news18assam
Updated:May 30, 2019, 3:36 PM IST
বাংলাদেশী মুছলমানৰ বাবেই ধ্বংস হৈছে অসম, ক’লে শিলাদিত্য দেৱে
২০১৭ চনৰ কৰিমগঞ্জ আদালতে শিলাদিত্য দেৱৰ বিৰুদ্ধে দিয়া চমনত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
news18assam
Updated: May 30, 2019, 3:36 PM IST
২০১৭ চনৰ কৰিমগঞ্জ আদালতে শিলাদিত্য দেৱৰ বিৰুদ্ধে দিয়া চমনত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ইছলামবিৰোধী ভাষণ দিয়াৰ অভিযোগত শিলাদিত্য দেৱৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। বাংলাদেশী মুছলমানক অসমৰ পৰা খেদিব লাগে বুলি কৰা মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল বিধায়কজনৰ বিৰুদ্ধে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে শিলাদিত্য দেৱে কয় – বাংলাদেশী মুছলমানক অসমৰ পৰা খেদিব লাগে বুলি কোৱাটো সাম্প্ৰদায়িক নহয়। বাংলাদেশী মুছলমানৰ বাবেই অসম ধ্বংস হৈ আছে, সংস্কৃতি নষ্ট হৈছে। মই কতিয়াও ইছলাম ধর্মৰ বিৰুদ্ধে কথা কোৱা নাই। ২০১২ত যি কথা কৈছিলো সেই কথাই আজিও ক’ম। গোচৰটো সন্দৰ্ভত চাৰি সপ্তাহৰ ভিতৰত উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি।
আৰু চাওক পৰৱৰ্তী বাতৰি