‘ৰঞ্জন দৈমাৰীক আকৌ কিয় নিক্ষেপ কৰা হৈছে জে’ললৈ? চৰকাৰে সাধাৰণ ক্ষমাদান কৰিব লাগে দৈমাৰীক৷ লগতে NDFBৰ সকলো নেতা-কেডাৰৰ বিৰুদ্ধে থকা সকলো গোচৰো প্ৰত্যাহাৰ কৰিব লাগে।’–২০০৮ চনত বহু নিৰীহ জনতাক হত্যা কৰা ৰঞ্জন দৈমাৰীক এতিয়া ক্ষমা কৰিব লাগে চৰকাৰে। চৰকাৰক এই দাবী জনাইছে NDFB(S) গোটৰ অধ্যক্ষ বি ছাৰাইগৗৰাই।
বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ বাবে NDFB(R) গোটৰ অধ্যক্ষ, ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড ৰঞ্জন দৈমাৰীয়ে লাভ কৰিছিল অন্তৱৰ্তী কালিন জামিন। বৃহস্পতিবাৰে জামিনৰ ম্যাদ শেষ হোৱাত আকৌ জেললৈ নিক্ষেপ কৰা হৈছে বড়ো বিচ্ছিন্নতাবাদী নেতাজনক। কিন্তু দৈমাৰীক আকৌ কাৰাগাৰলৈ নিক্ষেপ কৰাত ক্ষোভ NDFB-Sৰ অধ্যক্ষ বি ছাৰাইগৗৰাৰ।
অন্তৱৰ্তী কালিন জামিনৰ ম্যাদ বৃহস্পতিবাৰে অন্ত পৰাত ৰঞ্জন দৈমাৰীৰ অধিবক্তাই ম্যাদ বৃদ্ধিৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল৷ ম্যাদ বৃদ্ধিৰ আবেদনৰ শুনানী গ্ৰহণ কৰি আদালতে দৈমাৰীয়ে আত্মসমৰ্পন কৰিলেহে জামিনৰ ম্যাদ বৃদ্ধিৰ চিন্তা চৰ্চা কৰা হ’ব বুলি জনায়।
আজি ৰঞ্জন দৈমাৰীৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ সমাপ্ত হৈছে ৷ ৰঞ্জন দৈমাৰীৰ জামিনৰ ক্ষেত্ৰত আদালতে ২৫ ফেব্ৰুৱাৰীত পুনৰ শুনানী গ্ৰহণ কৰিব ৷ যদি আজিৰ ভিতৰত ৰঞ্জন দৈমাৰীয়ে আত্মসমৰ্পণ নকৰে তেন্তে গ্ৰেপ্তাৰ হ’ব পাৰে ৷
(News18ৰ কোকৰাঝাৰৰ সংবাদদাতা শান্তিগিৰি নাৰ্জাৰীৰ সহযোগত )
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|