உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সাৱধান, পাণমচলা খালে কেন্সাৰ নিশ্চিত! পাণমচলাত বিষাক্ত MgCO3 পৰীক্ষা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্যবিভাগক নিৰ্দেশ গুৱাহাটী উচ্চন্যায়ালয়ৰ

    সাৱধান, পাণমচলা খালে কেন্সাৰ নিশ্চিত! পাণমচলাত বিষাক্ত MgCO3 পৰীক্ষা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্যবিভাগক নিৰ্দেশ গুৱাহাটী উচ্চন্যায়ালয়ৰ

    বিহাৰ ,ৰাজস্থান, মহাৰাষ্ট্ৰত নিষিদ্ধ পানমচলা জাতীয় সামগ্ৰী ৷ অসমত বিনাবাধায়ে চলি আছে পানমচলাৰ ব্যৱসায় 

    বিহাৰ ,ৰাজস্থান, মহাৰাষ্ট্ৰত নিষিদ্ধ পানমচলা জাতীয় সামগ্ৰী ৷ অসমত বিনাবাধায়ে চলি আছে পানমচলাৰ ব্যৱসায় 

    বিহাৰ ,ৰাজস্থান, মহাৰাষ্ট্ৰত নিষিদ্ধ পানমচলা জাতীয় সামগ্ৰী ৷ অসমত বিনাবাধায়ে চলি আছে পানমচলাৰ ব্যৱসায় 

    • Share this:
    পাণমছলাত থকা বিষাক্ত মেগনেছিয়াম কাৰ্বনেট পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এক ৰাজহুৱা স্বাৰ্থজৰিত আৱেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক ৰাজ্যত প্ৰচলন হৈ থকা পাণমচলা সমূহত MgC03 পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে। ৰাজ্যত যধে মধে বিক্ৰী হৈ থকা বিভিন্ন কোম্পানীৰ পাণমছলা সমূহত বিষাক্ত মেগনেছিয়াম কাৰ্বনেট থকাৰ অভিযোগ তুলি জিতুল ডেকা নামৰ গুৱাহাটীৰ এজন লোকে গুৱাহাটী উচ্চন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজৰিত আৱেদন কৰিছিল। ৰাজ্য চৰকাৰে বিভিন্ন সময়ত পাণমচলা নিষিদ্ধ কৰাৰ কথা কৈ আহিছে যদিও আজিলৈকে এই ক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱাত আইনৰ কাষ চাপিছে ব্যক্তিজন। দেশৰ তিনিখন ৰাজ্য বিহাৰ,ৰাজস্থান আৰু মহাৰাষ্ট্ৰত নিষিদ্ধ পাণমচলা জাতীয় সামগ্ৰী ৷ তিনিওখন ৰাজ্যতে পাণমচলাতৃ কেন্সাৰৰ বাহক বিষাক্ত মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতি ধৰা পৰাৰ পিছতে এই ব্যৱস্থা লোৱা হয় ৷ অসমতো পাণমছলাত বিষাক্ত MgCO3 থকাৰ সন্দেহত দুটা কোম্পানীৰ পাণমছলাৰ নমুনা লৈ কলকতাৰ পৰীক্ষাগাৰত মেগনেছিয়াম কাৰ্বনেটৰ পৰীক্ষা কৰিবলৈ পঠিয়াইছিল য’ত ধৰা পৰিছিল বিষাক্ত মেগনেছিয়াম কাৰ্বনেটৰ ৷ তাৰ পিছতে জিতুল ডেকা কাষ চাপে গুৱাহাটী উচ্চন্যায়ালয়ৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ডবিচাৰপীঠে অহা ১৬ মাৰ্চৰ ভিতৰত ৰাজ্যত প্ৰচলন হৈ থকা সকলো পাণমছলা জাতীয় সামগ্ৰী দেশৰ দুটা পৰীক্ষাগাৰত পৰীক্ষা কৰোৱাৰ নিৰ্দেশ দিছে ৷ যদি এই পৰীক্ষাত পাণমছলাত মেগনেছিয়াম কাৰ্বনেট পায় তেন্তে সেই সমূহ কোম্পানীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা আইনৰ অধীনত বিহিত ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিছে ন্যায়ালয়ে ৷ মনকৰিবলগীয়া যে মেগনেছিয়াম কাৰ্বনেট যদি সামান্য পৰিমানেও পাণমছলাত থাকে সি ঘাতক কেন্সাৰৰ বাহক হ’ব পাৰে ৷ ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে বিভিন্ন সময়ত পাণমচলা সমূহৰ পৰীক্ষা কৰি আহিছে যদিও আজিলৈকে বিষাক্ত মেগনেছিয়াম কাৰ্বনেটৰ ক্ষেত্ৰত কোনোধৰনৰ পৰীক্ষা কৰা নাই ৷
    Published by:Tulika Devi
    First published: