Heritage Centre: হেৰিটেজ চেণ্টাৰ হিচাপে সংৰক্ষিত বাংলাটোৰ ঠাইত হ'ব শিশু উদ্যান
Heritage Centre: হেৰিটেজ চেণ্টাৰ হিচাপে সংৰক্ষিত বাংলাটোৰ ঠাইত হ'ব শিশু উদ্যান
পাণবজাৰত ব্ৰহ্মপুত্ৰ (Brahmaputra)ৰ গাতে লাগি থকা পুৰণি আৰক্ষী অধীক্ষকৰ বাংলাটো 'হেৰিটেজ চেণ্টাৰ' (Heritage Centre) হিচাপে সংৰক্ষণ কৰি ৰখা হৈছিল দীৰ্ঘদিন ধৰি। কিন্তু এই হেৰিটেজ চেণ্টাৰটোৰ ঠাইত এখনি অত্যাধুনিক শিশু উদ্যান (Childrean Park) গঢ় দিয়াৰ কথা চিন্তা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই।
৪ এপ্ৰিলত মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিছিল পুৰণি আৰক্ষী অধীক্ষকৰ বাংলাটো। বৃত্ৰিছৰ দিনতে নিৰ্মাণ হোৱা শতবৰ্ষ পুৰণি বাংলাটো ভিতৰি জৰাজীৰ্ণ অৱস্থা হোৱাট পুৰণি বাংলাটো ভাঙি সেই ঠাইত এখন শিশু উদ্যান নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে জি এম ডি এক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল জি এম ডি এ (GMDA)ৰ মুখ্য কাৰ্যবাহী বিষয়া কৌশৰ জামিল হিলালী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পুৰণি বাংলাটো ভাঙি পেলোৱা হৈছে।
এই হেৰিটেজ চেণ্টাৰটোত বৰ্তমান 'ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট প্ৰজেক্ট' ৰ অধীনত চৌপাশে সৌৰ্ন্দয বৰ্ধনৰ কাম চলি আছে। পুৰণি বাংলাটো সম্পূৰ্ণৰূপে ভাঙি শেষ হোৱাৰ পিছত ঠাই টুকুৰা মুকলি কৰি সেই ঠাইত শিশু উদ্যান নিৰ্মাণ কৰা হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|