உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সঁচাকৈ ধৰণী ডেকাৰ পত্নীক বেয়া দৃষ্টিৰে চাইছিল নেকি হেমধৰ বৰুৱাই? হেমধৰ বৰুৱাৰ পুত্ৰই FIR দাখিল কৰাৰ পিছতে ঘটনাই লৈছে নতুন মূৰ! অভিযোগ প্ৰতি অভিযোগৰ মাজত গুৱাহাটীৰ হেমধৰ বৰুৱা হত্যাকাণ্ডৰ ৰহস্য!

    সঁচাকৈ ধৰণী ডেকাৰ পত্নীক বেয়া দৃষ্টিৰে চাইছিল নেকি হেমধৰ বৰুৱাই? হেমধৰ বৰুৱাৰ পুত্ৰই FIR দাখিল কৰাৰ পিছতে ঘটনাই লৈছে নতুন মূৰ! অভিযোগ প্ৰতি অভিযোগৰ মাজত গুৱাহাটীৰ হেমধৰ বৰুৱা হত্যাকাণ্ডৰ ৰহস্য!

    ঘাতক ধৰনী ডেকা আৰু পত্নীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ মৃত হেমধৰ বৰুৱাৰ পুত্ৰ প্ৰশান্ত বৰুৱাৰ।

    ঘাতক ধৰনী ডেকা আৰু পত্নীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ মৃত হেমধৰ বৰুৱাৰ পুত্ৰ প্ৰশান্ত বৰুৱাৰ।

    ঘাতক ধৰনী ডেকা আৰু পত্নীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ মৃত হেমধৰ বৰুৱাৰ পুত্ৰ প্ৰশান্ত বৰুৱাৰ।

    • Share this:
    কিমান পাশৱিক হ'লে এজন ব্যক্তিয়ে স-পত্নীৰে মিলি এজন ৭০ উৰ্ধ্বৰ ব্যক্তিক দাৰে ঘপিয়াই হত্যা কৰিব পাৰে সেয়া যেন পুনৰবাৰ প্ৰমাণ কৰিলে শুকুৰবাৰে মহানগৰীৰ বিক্ৰমপুৰত সংঘটিত হত্যাকাণ্ডই ৷ বিগত ৮মাহ ধৰি বিক্ৰমপুৰৰ নিবাসী হেমধৰ বৰুৱাৰ বাসগৃহত ভাড়াতীয়া হিচাপে আছিল দুই সন্তান আৰু পত্নীসহ ধৰণী ডেকা নামৰ ডিটিপি অপাৰেটৰগৰাকী ৷

    অভিযোগ মতে, হেমধৰ বৰুৱাই প্ৰায়ে ধৰণী ডেকাৰ পত্নীক বেয়া দৃষ্টিৰে চোৱাৰ লগতে শাৰীৰিক নিৰ্যাতনৰ চেষ্টা চলাই আহিছিল ৷ সেই প্ৰতিশোধ পূৰণৰ বাবেই শুকুৰবাৰে পুৱা সম্পূৰ্ণ পৰিকল্পিত ভাৱে পত্নীৰে মিলি ডাৰে ঘপিয়াই হত্যা কৰিছিল হেমধৰ বৰুৱাক ৷

    হত্যা কৰি স্বামী স্ত্ৰী দুয়ো প্ৰথমে বাইকেৰে আহি গণেশগুৰীত ডাঙৰ পুত্ৰক বাইকখন দি দুয়ো পুত্ৰক আত্মীয়ৰ ঘৰলৈ যাবলৈ দিছিল ৷ তাৰ পিছতে দুয়ো স্বামী-স্ত্ৰীয়ে হত্যাকাণ্ড সংঘটিত কৰা দা খন লৈ অ'টৰে আহি দিছপুৰ থানাৰ চৌহদৰ এখন হোটেলত ভাত খাইছিল ৷ ভাত খাই উঠি দুয়ো দিছপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে  ৷

    ঘাতক ধৰণী ডেকা আৰু পত্নীৰ অভিযোগৰ বিপৰিতে স্থানীয় লোক আৰু পৰিয়ালে দিছে বিপৰীত ভাষ্য ৷ স্থানীয় লোকৰ মতে হেমধৰ বৰুৱা আছিল এজন সৎ আৰু নিষ্ঠাবান ব্যক্তি ৷ সম্পূৰ্ণ পৰিকল্পিত ভাৱে হত্যা কৰা হ'ল হেমধৰ বৰুৱাক ৷

    একাংশৰ মতে আকৌ ধৰণী ডেকাৰ জ্যেষ্ঠ পুত্ৰই হত্যা কৰিলে হেমধৰ বৰুৱাক ৷ পুত্ৰক বচাবৰ বাবে মাতৃ আৰু পিতৃয়ে নিজৰ ওপৰত মূৰ পাতি ললে হত্যাকাণ্ডৰ দোষ ৷ কাৰণ ৩দিন পূৰ্বেও নিশা নিচাসক্ত দ্ৰৱ্য সেৱন কৰি আহি ধৰণী ডেকাৰ পুত্ৰই বমি কৰাৰ লগতে এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছিল ৷ যাৰ বাবে হেমধৰ বৰুৱাই ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল ধৰণী ডেকাৰ পৰিয়ালক ৷ যাৰ বাবেই হয়টো ক্ষোভত ধৰণী ডেকাৰ পুত্ৰই হেমধৰ বৰুৱাক হত়্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে একাংশই ৷

    ইপিনে মৃত হেমধৰ বৰুৱাৰ পুত্ৰই দিছপুৰ থানাত ১২২৪/২২নম্বৰত এক গোচৰ ৰুজু কৰি মৃত পিতৃৰ বিৰুদ্ধে উঠা অভিযোগ নসাৎ কৰে ৷ মিছা অভিযোগ প্ৰচাৰ নকৰিবলৈ সংবাদমাধ্যমলৈ অনুৰোধ জনোৱাৰ লগতে আৰক্ষীৰ তদন্ততে ঘটনাৰ ৰহস্য পোহৰলৈ আহিব বুলি মন্তব্য কৰে৷ ইপিনে শনিবাৰে বিয়লি হেমধৰ বৰুৱাৰ নশ্বৰদেহ মৰোনোত্তৰ পৰীক্ষাৰ পিছত ঘৰ আহি পোৱাত এক শোকাকুল পৰিবেশে বিৰাজ কৰে অঞ্চলটোত৷
    Published by:Himangshu Bhuyan
    First published: