• Home
  • »
  • News
  • »
  • assam
  • »
  • GMCHলৈ অহা ৰোগীসকলৰ বাবে ভাল খবৰ, এতিয়াৰে পৰা লাভ কৰিব এই সুবিধা

GMCHলৈ অহা ৰোগীসকলৰ বাবে ভাল খবৰ, এতিয়াৰে পৰা লাভ কৰিব এই সুবিধা

এতিয়াৰ পৰা ব্লাড কালেকচন, MRI, CT SCAN, XRAY কৰিব পাৰিব ১০ বজালৈ।

এতিয়াৰ পৰা ব্লাড কালেকচন, MRI, CT SCAN, XRAY কৰিব পাৰিব ১০ বজালৈ।

এতিয়াৰ পৰা ব্লাড কালেকচন, MRI, CT SCAN, XRAY কৰিব পাৰিব ১০ বজালৈ।

  • Share this:
GMCHত এটা ডাঙৰ সমস্যা সমাধান হোৱা পথত। ৰাইজৰ বহুদিনীয়া অভিযোগৰ পিছত অৱশেষত GMCH–এ কাৰ্যকৰী কৰিবলৈ লৈছে এই ব্যৱস্থা। ৰোগীৰ পৰীক্ষা–নিৰীক্ষাৰ ক্ষেত্ৰত নতুন সময় নিৰ্ধাৰণ কৰা হৈছে। GMCHত অনুষ্ঠিত এখন  সংবাদমেলত স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই ক’লে, OPD ৰোগীৰ বাবে স্বাস্থ্য পৰীক্ষাৰ বাবে ১০ বজালৈ খোলা থাকিব কালেকচন চেণ্টাৰ। বৰ্তমান এই সুবিধা আছে বিয়লি তিনি বজালৈ। এতিয়াৰ পৰা ব্লাড কালেকচন, MRI, CT SCAN, XRAY কৰিব পাৰিব ১০ বজালৈ।

স্বাস্থ্য বিভাগৰ উদ্দেশ্য, এটা দিনতেই ৰোগীৰ ৰোগ চিনাক্তকৰণ সম্পূৰ্ণ কৰা। GMCHৰ OPD লৈ অহা ৰোগীৰ এটা ডাঙৰ সমস্যা আছিল পৰীক্ষাৰ বাবে নিৰ্দিষ্ট দিন দিয়া। MRI, CT SCAN আদিৰ বাবে ল’ব লাগে দিঘলীয়া তাৰিখ। কেৱল ইমানেই নহয় অস্ত্ৰোপচাৰো এতিয়া হ’ব নিশা দহ বজালৈ।

আনহাতে, আগন্তুক নতুন বৰ্ষত GMCHৰ চাৰিটা মূল বিভাগ আঁতৰি যাব ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ। অতি সোনকালেই GMCHৰ কাৰ্ডিঅ’ নিউৰ’ চেণ্টাৰ আৰম্ভ হ’ব। এই বিভাগটো হ’ব সম্পূৰ্ণ অনলাইন। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংস্কাৰ অনাৰ চেষ্টা কৰাৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে। তাৰোপৰি এতিয়াৰ পৰা ব্লাড টেষ্টৰ সংখ্যও পূৰ্বতকৈ যথেষ্ট বৃদ্ধি হ’ব।
Published by:Sanjay Kumar Das
First published: