নাগৰিকত্বৰ প্ৰমাণ নহয় ভোটাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংকৰ নথিঃগুৱাহাটী উচ্চ ন্যায়ালয়

News18 Assam | News18-Assam
Updated:February 18, 2020, 1:21 PM IST
নাগৰিকত্বৰ প্ৰমাণ নহয় ভোটাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংকৰ নথিঃগুৱাহাটী উচ্চ ন্যায়ালয়
ফাইল ফটোঃসংগ্ৰহ ইণ্টাৰনেট

সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে কয় যে, ভোটাৰ পৰিচয় পত্ৰ নাগৰিকত্বৰ প্ৰমাণ হ’ব নোৱাৰে।

  • Share this:
সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে কয় যে, ভোটাৰ পৰিচয় পত্ৰ এগৰাকী ব্যক্তিৰ নাগৰিকত্বৰ প্ৰমাণৰ চূড়ান্ত নথি হ’ব নোৱাৰে। লগতে ন্যায়ালয়ে কয় যে, মাটিৰ খাজানাৰ ৰছিদ, পান কাৰ্ড আৰু বেংকৰ নথিও নাগৰিকত্ব প্ৰমাণৰ নথি হিচাপে ব্যৱহৃত হ’ব নোৱাৰে।

ন্যায়াধীশ মনোজিৎ ভূঞা আৰু ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ এখন খণ্ড বিচাৰপীঠে পূৰ্বে মহম্মদ বাবুল ইছলাম বনাম অসম চৰকাৰ (৩৫৪৭নং) গোচৰৰ ৰায়ক দোহাৰি এই ৰায় প্ৰদান কৰে। এক পুৰণি ৰায় বাহাল ৰাখি এই গুৰুত্বপূৰ্ণ ৰায় দিয়ে ন্যায়ালয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চুক্তিৰ আধাৰত কোন বিদেশী সেই প্ৰসংগতে এই ৰায় প্ৰদান কৰে। ৰায়ত কোৱা হয় যে, ‘ভোটাৰ ফটো পৰিচয় পত্ৰ নাগৰিকত্বৰ এক প্ৰমাণ নহয়’।

তিনিচুকীয়া জিলাৰ এক বিদেশী ন্যায়াধীকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত মুনিন্দ্ৰ বিশ্বাস নামৰ ব্যক্তিজনে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজৰিত আৱেদনৰ শুনানী গ্ৰহণ কৰি ন্যায়ালয়ে ৰায় প্ৰদান কৰে।

২০১৯চনৰ জুলাই মাহত বিদেশী ন্যায়াধীকৰণে বিদেশী আখ্যা দিয়া বিশ্বাসে ন্যায়ালয়ত তেওঁৰ ককাদেউতা দুৰ্গা চৰণ বিশ্বাস পশ্চিম বংগৰ নাদিয়া জিলাৰ বুলি কৈ পিতৃ ইন্দ্ৰ মোহন বিশ্বাস ১৯৬৫চনত তিনিচুকীয়া জিলালৈ অহাৰ কথা কৈছিল। বিশ্বাসে দাবী কৰে যে তেওঁৰ জন্ম মাৰ্ঘেৰিটাত আৰু ইয়াৰ প্ৰমাণ হিচাপে ১৯৯৭চনৰ ভোটাৰ তালিকাত থকা তেওঁৰ নামৰ নথি দাখিল কৰিছিল। তেওঁ লগতে ১৯৭০চনৰ পৰা ভূমিৰ নথিও দাখিল কৰিছিল। কিন্তু ক’ৰ্টে কয় যে, আৱেদনকাৰীয়ে ১৯৯৭চনৰ আগৰ ভোটাৰ তালিকা দাখিলত ব্যৰ্থ হয় আৰু এইটো প্ৰমাণ কৰিব নোৱাৰে যে তেওঁৰ অভিভাৱক ১৯৬৬চনৰ ১জানুৱাৰীৰ পূৰ্বে অসমত প্ৰৱেশ কৰিছিল আৰু তেওঁ  ২৪মাৰ্চ, ১৯৭১চনৰ পূৰ্বে অসমত আছিল।

অসম চুক্তিৰ আধাৰত প্ৰস্তুত নাগৰিকত্ব আইনৰ ৬(ক)ধাৰা অনুসৰি কেৱল অসমত নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষ হৈছে ১জানুৱাৰী, ১৯৬৬চন। যিসকল ব্যক্তিয়ে ১জানুৱাৰী, ১৯৬৬চনৰ পৰা ২৪মাৰ্চ, ১৯৭১লৈ ৰাজ্যত  আহি বসতি স্থাপন কৰিছে তেওঁলোকে ১০বছৰৰ কাৰণে ভোটাধিকাৰ নাপায় আৰু দহবছৰৰ পিছতহে তেওঁলোকক নিয়মীয়া অধিকাৰ প্ৰদান কৰা হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি