உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Handique Girls College: শ্ৰেণীকোঠা এৰি প্ৰতিবাদত বহিল সন্দিকৈ মহাবিদ্যালয়ত ছাত্ৰী, নিলম্বিত প্ৰবক্তাৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ

    Handique Girls College: শ্ৰেণীকোঠা এৰি প্ৰতিবাদত বহিল সন্দিকৈ মহাবিদ্যালয়ত ছাত্ৰী, নিলম্বিত প্ৰবক্তাৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ

    Handique Girls College: বিগত বৰ্ষত যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বন হৈছিল প্ৰবক্তা মানস গগৈ

    Handique Girls College: বিগত বৰ্ষত যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বন হৈছিল প্ৰবক্তা মানস গগৈ

    Handique Girls College: বিগত বৰ্ষত যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বন হৈছিল প্ৰবক্তা মানস গগৈ

    • Share this:
    আজিৰ পৰা ডেৰ বছৰ পূৰ্বে সন্দিকৈ মহাবিদ্যালয় (Handique Girls College College)ৰ ৩গৰাকীকৈ ছাএীয়ে যৌন নিযাতন (Molestation)ৰ অভিযোগ আনিছিল মহাবিদ্যালয়খনৰ কম্পিউটাৰ বিভাগৰ প্ৰবক্তা মানস গগৈৰ বিৰুদ্ধে ৷ প্ৰবক্তাগৰাকীয়ে ছাএীকেইগৰাকীলৈ দিয়া অশ্লীল হোৱাটছএপ মেছেজ ভাইৰেল (Viral WhatsApp Message) হৈছিল সেই সময়ত ৷

    ছাএীকেইগৰাকীৰ অভিযোগৰ পিছতে প্ৰবক্তাগৰাকীক তাৎক্ষণিকভাবে নিলম্বন কৰি ৩মাহৰ ভিতৰত তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ কথা ঘোষণা কৰিছিল মহাবিদ্যলয়খনৰ কৰ্তৃপক্ষই ৷ কিন্ত প্ৰায় ডেৰটা বছৰ পিছত হঠাৎ পুনৰ মানস গগৈয়ে মহাবিদ্যলয়খনত যোগদান কৰাৰ খবৰ ওলোৱা লগে লগে জাঙুৰ খাই উঠিল মহাবিদ্যালয়খনৰ ছাএীসকল ৷

    প্ৰবক্তা মানস গগৈক স্থায়ীভাৱে নিলম্বনৰ দাবীৰে সোমবাৰে পুৱা হাতে হাতে প্লেকাৰ্ড লৈ একাংশ ছাএীয়ে সাব্যস্ত কৰে প্ৰতিবাদ (Girl Students Protest) ৷ ছাএীসকলৰ স্পষ্ট কথা - কোনোপধ্যে পুনৰ যোগদান কৰিব দিয়া নহ'ব প্ৰবক্তা মানস গগৈক ৷ প্ৰয়োজনত আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈয়ো সাজু মহাবিদ্যালয়খনৰ প্ৰতিবাদী ছাএীসকল ৷

    ইপিনে প্ৰবক্তা মানস গগৈৰ মহাবিদ্যালয়খনত পুনৰ যোগদানৰ কথা কোনো প্ৰকাৰে জ্ঞাত নহয় বুলি কলে মহাবিদ্যালয়খনৰ উপাধ্যক্ষগৰাকীয়ে ৷ দীৰ্ঘ সময় প্ৰতিবাদৰ অন্তত ছাএীসকলে প্ৰবক্তা মানস গগৈৰ স্থায়ীভাৱে নিলম্বনৰ দাবী উত্থাপন কৰি মহাবিদ্যালয়খনৰ উপাধ্যক্ষৰ হাতত এখন পএও দাখিল কৰে ৷
    Published by:Manjumoni Borah
    First published: