hagrama mohilary, file image
সুবিধাবাদী হাগ্ৰামাই সদায় শাসকীয় পক্ষত থাকিব বিচাৰে: দেৱব্ৰত শইকীয়া
বিৰোধী আসনত বহিবলৈ কোনো পধ্যেই সাজু নথকা হাগ্ৰামা মহিলাৰী (Hagrama Mohilary)নেতৃত্বাধীন BPFয়ে অৱশেষত পুনৰ মিত্ৰতা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ সৈতে ৷ এতিয়াৰে পৰা অসম বিধানসভা (Assam Assembly)ৰ মজিয়াত শাসকীয় পক্ষৰ বেঞ্চত বহিব BPFৰ বিধায়কসকল ৷ এই কথা আনুষ্ঠানিকভাৱে দেওবাৰে ঘোষণা কৰাৰ পিছতে সৰৱ হৈ উঠিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷
ক্ষমতা নহ'লে যেন শূন্য হাগ্ৰামা মহিলাৰী ৷ ক্ষমতাৰ বাঘজৰী হাতত থাকিবই লাগিব ৷ নহ'লে যেন নামেই নহয় হাগ্ৰামাৰ ৷ সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ পুৰণি বন্ধু ড° হিমন্ত বিশ্ব শৰ্মাৰে সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত মিত্ৰতা ছেদ হৈছিল হাগ্ৰামা মহিলাৰীৰ ৷ কেৱল মিত্ৰতা ছেদ হোৱাতেই নৰ'ল গৈ, BTCৰ শাসনৰ পৰাও হাটাও হৈছিল হাগ্ৰামা মহিলাৰী ৷ শেষত বিগত বিধানসভাৰ নিৰ্বাচনত বাৰখনৰ ভিতৰত চাৰিখনতে সীমাবদ্ধ হৈ থাকিল হাগ্ৰামাৰ দিছপুৰ চলো ৰথখন ৷
BTRত প্ৰমোদ বড়োক বড়োভূমিৰ শাসনৰ বাঘজৰীডাল এৰি দিবলগীয়া হোৱাৰে পৰা হাগ্ৰামা মহিলাৰীয়ে শাসকীয় BJP বিশেষকৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ দিনে-ৰাতিয়ে চেষ্টা চলাই আছিল ৷
শেষত হাগ্ৰামাৰ চেষ্টা সফল হ'ল ৷ মুখ্যমন্ত্ৰীয়ে BPFৰে কৰিলে বিধানমণ্ডল কেন্দ্ৰিক মিত্ৰতা ৷ হাগ্ৰামা মহিলাৰীৰ হৈ BPFৰ তিনি বিধায়ক ক্ৰমে দুৰ্গা দাস বড়ো, ৰবিৰাম নাৰ্জাৰী আৰু চৰণ বড়োক কাষত বহুৱাই দেওবাৰে জনতা ভৱনৰ নিজ সভাকক্ষত মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে- “BPFৰে এই মিত্ৰতা ৰাজনৈতিক নহয়, বিধানমণ্ডলতহে ৷ বিধানসভাত শাসকীয় বেঞ্চত বহিব BPFৰ বিধায়ক ৷”
BPFৰে ৰাজনৈতিকভাৱে মিত্ৰতা হ'বলৈ আৰু কিছু দিনৰ প্ৰয়োজন হ'ব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ৷
ইপিনে মহাজোঁট এৰি শাসকীয় পক্ষলৈ ৰাওনা হোৱা হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি সোমবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে- “হাগ্ৰামা মহিলাৰীয়ে নিজকে সদায় সুবিধাবাদী বুলি কয় ৷ শাসকীয় পক্ষত থকাটো হাগ্ৰামাৰ ধৰ্ম ৷ সেই হিচাপতে BJPৰ সৈতে এতিয়া গৈছে ৷”
বিগত বিধানসভাৰ নিৰ্বাচনত BPFক বাৰখন আসন এৰি দিয়াৰ পক্ষপাতী নাছিল হেনো বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|