শিক্ষাৰ্থীৰ প্ৰতিবাদত পুনৰ উত্তাল হৈ পৰিল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ। শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিয়া এখন বিশেষ জাননীৰ বাবে বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ সন্মুখত আজি কেইবা শতাধিক শিক্ষাৰ্থীয়ে এই প্ৰতিবাদ সাৱ্যস্ত কৰে।
উল্লেখ্য যে বিগত ১৯ এপ্ৰিল তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলসমূহৰ বাবে জাৰি কৰিছিল এখন জাননী। সেই জাননীত কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ সপ্তাহত থকা আন্তঃআৱাস প্ৰতিযোগিতাৰ লগতে আৱাসমূহে ব্যক্তিগতভাৱে আয়োজন কৰা সকলো আন্তঃআৱাস প্ৰতিযোগিতাসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল (Students of Gauhati University Protest)।
ইয়াৰোপৰি বিশ্ববিদ্যালয়ৰ আৱাসত প্ৰাক্তন আৱাসী আৰু যিকোনো অতিথি থকাতো নিষেধাজ্ঞা জাৰি কৰিছিল। এই সংক্ৰান্তত আৱাসৰ ছাত্ৰাধীক্ষকসকলে এক লিখিত প্ৰতিশ্ৰুতি দিব লাগিব বুলিও উল্লেখ কৰাৰ লগতে নিৰ্দেশনা ভংগকাৰী প্ৰাক্তন আৱাসী তথা অকৰ্তৃত্বশীল লোকৰ বিৰুদ্ধে কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জাননীখনত উল্লেখ কৰিছিল।
বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ স্বাক্ষৰিত এই জাননীক লৈ ক্ষোভত জ্বলি উঠে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে সমগ্ৰ ছাত্ৰ সমাজ। এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই কৰ্তৃপক্ষলৈ এক পত্ৰও প্ৰেৰণ কৰিছিল, য'ত কৰ্তৃপক্ষই নিৰ্দেশনা প্ৰত্যাহাৰ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিছিল।
কিন্তু তেওঁলোকৰ এই দাবীৰ প্ৰতি কৰ্তৃপক্ষই কোনো কাণসাৰ নিদিয়াৰ অভিযোগ তুলি আজি দিনত সকলো একত্ৰিত হৈ এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ পদত্যাগৰো দাবী তোলে। ছাত্ৰ সমাজৰ এই বিক্ষোভৰ পাছতেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈ তেওঁলোকৰ মাজলৈ আহি স্নাতকোত্তৰ ছাত্ৰ সন্থা, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে সমগ্ৰ ছাত্ৰসমাজৰ সৈতে বাৰ্তালাপ কৰে।
ইয়াৰ পাছতেই উপাচাৰ্যগৰাকীয়ে হোষ্টেলসমূহক লৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। মন কৰিবলগীয়া কথা যে ছাত্ৰ সমাজৰ প্ৰৱল প্ৰতিবাদৰ পাছতেই শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাই তেওঁৰ পদত্যাগপত্ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈলৈ প্ৰেৰণ কৰে। পদত্যাগ লাভ কৰাৰ পাছতেই উপাচাৰ্যগৰাকীয়ে সেই পত্ৰ গ্ৰহণেৰে তেওঁক নিজৰ দায়িত্বৰ পৰা অব্যাহতি প্ৰদান কৰে।
এক জাননীযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে। এতিয়াৰে পৰা শ্ৰেণীসমূহৰ সচিবৰ নতুন নিযুক্তি নোহোৱালৈকে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথে অতিৰিক্তভাৱে শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব পালন কৰিব বুলি জাননীখনত প্ৰকাশ।