• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Traffic Problem: ২৭ মে' ডেডলাইন গুৱাহাটীৰ গাড়ীৰ মালিকলৈ। আৰক্ষীৰ নিৰ্দেশ নামানিলে ২৮ মে'ৰ পৰা চলিব অভিযান।  

Guwahati Traffic Problem: ২৭ মে' ডেডলাইন গুৱাহাটীৰ গাড়ীৰ মালিকলৈ। আৰক্ষীৰ নিৰ্দেশ নামানিলে ২৮ মে'ৰ পৰা চলিব অভিযান।  

প্ৰতিকী ফটো

প্ৰতিকী ফটো

পথৰ কাষত ৰখাই থোৱা পৰিত্যক্ত বাহন আঁতৰাই নিয়াৰ নিৰ্দেশ । যান–জঁটৰ সমস্যাৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ চেষ্টা।

  • Share this:
২৭ মে'ৰ ভিতৰত গুৱাহাটীৰ মূল পথ আৰু উপ-পথসমূহত একাংশ লোকে বহুদিন ধৰি ৰখাই থোৱা বাহনসমূহ আঁতৰাই নিয়াৰ নিৰ্দেশ মহানগৰ যান–বাহন আৰক্ষীৰ। পথৰ কাষত দীৰ্ঘদিন ধৰি ৰখাই থোৱা পৰিত্যক্ত বাহনসমূহ ২৭ মে'ৰ ভিতৰত আঁতৰাব লাগিব।

গুৱাহাটীৰ যান–বাহন আৰক্ষী শাখাৰ ডিচিপি প্রাণজিৎ বৰাই এই নির্দেশনা জাৰি কৰি কয় যে অহা ২৮ মে'ৰ পৰা এনেদৰে পথৰ কাষত ৰখাই থোৱা বাহনৰ বিৰুদ্ধে যান–বাহন শাখাৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিব। তেওঁ লগতে মহানগৰবাসীক পথৰ ওপৰত এনেদৰে বাহন পার্কিং কৰা দেখিলে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায়। ৷ 

যান–জঁটৰ সমস্যাৰ পৰা মহানগৰবাসীক সকাহ দিবলৈ শেহতীয়াকৈ এই পদক্ষেপ গুৱাহাটীৰ যান–বাহন আৰক্ষীৰ।

আনহাতে মহানগৰীত কোভিড সান্ধ্য আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে অভিযান চলাই যান–বাহন শাখাৰ আৰক্ষীয়ে ৪ মে’ৰ পৰা ২২ মে’লৈ ১৪ লাখ ৮৪ হাজাৰ ৫০০ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে  ১,১৮৫ টা জৰিমনাৰ গোচৰ আৰু ৩,২০০টা এজাহাৰবিহীন গোচৰ ৰুজু কৰিছে ৷ সান্ধ্য আইন উলংঘা কৰাৰ অপৰাধত এই সময়ছোৱাত ৪৩৯খন বাহন জব্দ কৰিছে৷

ডিচিপি বৰাই থানাসমূহত পৰিত্যক্ত হৈ থকা বাহনসমূহ পৰিয়ালৰ পার্কিঙলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷
Published by:Manjumoni Borah
First published: