உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Magh Bihu : পহিলা মাঘত ভিৰ নাই মহানগৰীৰ মন্দিৰত! কোভিডক লৈ শংকিত গুৱাহাটীৰ জনতা !

    Magh Bihu : পহিলা মাঘত ভিৰ নাই মহানগৰীৰ মন্দিৰত! কোভিডক লৈ শংকিত গুৱাহাটীৰ জনতা !

    পহিলা মাঘত গুৱাহাটীৰ গণেশ মন্দিৰত ভিৰ নাই!

    পহিলা মাঘত গুৱাহাটীৰ গণেশ মন্দিৰত ভিৰ নাই!

    Magh Bihu : গুৱাহাটীত মন্দিৰসমূহত উপস্থিতি সেৰেঙা।  অতি কম সংখ্যক ভক্তৰ বাহিৰে বাকী সকলো ভক্তই যেন নিজ গৃহৰ পৰা কৰিলে প্ৰাৰ্থনা ৷

    • Share this:
    হেপাহৰ ভোগালী বিহু উৎসাহ উদ্দীপনা মাজেৰে পাৰ কৰাৰ সময়তে সমান্তৰালকৈ ৰাজ্যত দেখা গৈছে কোভিডৰ ভয়ংকৰ পৰিস্থিতি ৷ দৈনিক প্ৰায় ২৫০০ৰ অধিক আক্ৰান্ত কোভিড ৰোগী ৷ ৰাজ্যখনৰ এনে পৰিস্থিতিৰ মাজতে স্বাভাৱিকতে সংকিত হৈছে জনতা ৷ যাৰবাবে পহিলা মাঘৰ দিনটোত মহানগৰীৰ মন্দিৰসমূহত দেখা গৈছে তেনেই সেৰেঙা পৰিবেশ ৷

    ভোগলী বিহু উপলক্ষে মাঘ মাহৰ প্ৰথমটো দিনত সকলোৱে নামঘৰ মন্দিৰ আদিলৈ গৈ ঈশ্বৰৰ আশীৰ্বাদ গ্ৰহণ কৰে। চিৰাচৰিত এই নিয়ম এইবাৰ যেন বাধাগ্ৰস্ত হ'ল। বিশেষকৈ গুৱাহাটীত মন্দিৰসমূহত উপস্থিতি সেৰেঙা।  অতি কম সংখ্যক ভক্তৰ বাহিৰে বাকী সকলো ভক্তই যেন নিজ গৃহৰ পৰা কৰিলে প্ৰাৰ্থনা ৷ সকলোৰে সুখ শান্তি অটুট থাকি সমাজখন আগুৱাই নিয়াৰ প্ৰাৰ্থনা ভক্তৰ ৷ কোভিড মহামাৰীয়ে জুৰুলা কৰা সমাজখন পুনৰ থন ধৰি উঠক তাৰে আশা সকলোৰে ৷

    পৰম্পৰা অনুসৰি ধৰ্মীয় মাহ বুলি অভিহিত মাঘ মাহ ৷ সেয়ে এই মাহত আবাল, বৃদ্ধ-বনীতা সকলো ওলাই যায় ধৰ্মীয় স্থানলৈ ৷ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায় প্ৰতিজনে ৷ কিন্তু এইবাৰ কোভিড পৰিস্থিতিৰ বাবে নিজ গৃহৰ পৰা সেৱা-প্ৰাৰ্থনা ভক্তপ্ৰাণ ৰাইজৰ ৷ অৱশ্যে ৰাজ্যৰ আন আন ঠাইৰ কিছুমান মন্দিৰত বেছ কিছু ভিৰ দেখা গৈছে।
    Published by:Manjumoni Borah
    First published: