মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই তৎপৰ গুৱাহাটীৰ ব্যক্তিগত হাস্পতাল। নেমকেয়াৰ হাস্পতালে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। নেমকেয়াৰ হাস্পতালত ৪ বজাৰ আগত GMCH ত কৰ্মৰত চিকিৎসক বা চিকিৎসাকৰ্মীয়ে হাস্পতালখনত আগবঢ়াব নোৱাৰিব চিকিৎসা সেৱা
এই নিৰ্দেশ অমান্য কৰিলে হাস্পতাল কৰ্তৃপক্ষই গ্ৰহণ কৰিব বিহিত ব্যৱস্থা। লক্ষ্যণীয় যে নেমকেয়াৰ হাস্পতালৰ এই নিৰ্দেশনাই প্ৰমাণ কৰিছে যে চৰকাৰী বহু চিকিৎসক চিকিৎসা কৰ্মীয়ে কৰ্তব্যৰ সময়ত সেৱা আগবঢ়াই থাকে বহু ব্যক্তিগত হাস্পতালত।