• Home
  • »
  • News
  • »
  • assam
  • »
  • কোনো অসুস্থতা নাই! তেন্তে কিয় GNRCৰ ICUত ভৰ্তি? আজিয়েই গ্ৰেপ্তাৰ হ’ব পাৰে নিশাৰ মহানগৰীত দুৰ্ঘটনা সংঘটিত কৰা মডেল?

কোনো অসুস্থতা নাই! তেন্তে কিয় GNRCৰ ICUত ভৰ্তি? আজিয়েই গ্ৰেপ্তাৰ হ’ব পাৰে নিশাৰ মহানগৰীত দুৰ্ঘটনা সংঘটিত কৰা মডেল?

গুৱাহাটীৰ ৰাজপথত ৯জনকৈ শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল মডেল ৰাজকন্যাৰ বিৰুদ্ধে।

গুৱাহাটীৰ ৰাজপথত ৯জনকৈ শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল মডেল ৰাজকন্যাৰ বিৰুদ্ধে।

গুৱাহাটীৰ ৰাজপথত ৯জনকৈ শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল মডেল ৰাজকন্যাৰ বিৰুদ্ধে।

  • Share this:
অসুস্থ নহয় গুৱাহাটীত শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠা মডেল ৰাজকন্যা। অসুস্থতাৰ দোহাই দি জি এন আৰ চিৰ আই চি ইউত ভৰ্তি হৈ আছিল মডেলগৰাকী। আজি জি এম চি এইচৰ মেডিকেল ব’ৰ্ডে পৰীক্ষা কৰি GNRCৰ ICUত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ কোনো অসুস্থতা নাপালে৷

৬জনীয়া ব’ৰ্ডৰ প্ৰতিবেদন লৈ পুনৰ GNRCত উপস্থিত আৰক্ষীৰ দল৷ GNRCৰ চিকিৎসক আৰু কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব আৰক্ষীয়ে৷ আজিয়েই আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে গুৱাহাটীৰ ৰাজপথত ৮জনকৈ শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল মডেল ৰাজকন্যাৰ বিৰুদ্ধে। গ্ৰেপ্তাৰৰ এদিন পিছতে জামিনত ওলাই আহিছিল মডেলগৰাকী। তাৰ পিছতে আৰক্ষীৰ ভূমিকাক লৈ উত্থাপিত হৈছিল বিভিন্ন প্ৰশ্নৰ। যাৰ ফলত পুনৰ আৰক্ষীয়ে ৰাজকন্যালৈ চমন জাৰি কৰিবলৈ বাধ্য হৈছিল। কিন্তু অসুস্থতাৰ দোহাই দি মঙলবাৰে দিছপুৰ থানাত হাজিৰ হোৱা নাছিল ৰাজকন্যা। ৰাজকন্যাৰ মাতৃয়ে দুসপ্তাহৰ সময় বিচাৰিছিল আৰক্ষীক।
Published by:Sanjay Kumar Das
First published: