মহানগৰীৰ আজাৰা থানাত দেওবাৰে এক সংবাদমেল আয়োজন কৰি মহানগৰ আৰক্ষী আয়ুক্তই এই তথ্য সদৰি কৰে।
মহানগৰীৰ আজাৰা থানাত দেওবাৰে এক সংবাদমেল আয়োজন কৰি মহানগৰ আৰক্ষী আয়ুক্তই এই তথ্য সদৰি কৰে।
বিগত এমাহত নিচাযুক্ত দ্ৰৱ্য আৰু অভিযুক্তক কৰায়ত্ত কৰাত কিমান সফল অসম আৰক্ষী? আৰক্ষী আয়ুক্ত হৰমিত সিঙে আজাৰা থানাত এক সংবাদ মেল অনুষ্ঠিত কৰি সদৰি কৰিলে এই তথ্য।
ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ড্ৰাগছকে ধৰি নিচাযুক্ত দ্ৰৱ্যৰ বৃহৎ সাম্ৰাজ্য। ইতিমধ্যে বিগত এটা মাহত অসম আৰক্ষীয়ে ১২১জন অপৰাধীক কৰায়ত্ত কৰাৰ লগতে ৩ কেজি হেৰ’ইন, ৪ হাজাৰ কফ চিৰাপৰ বটল, ৮.৫ হাজাৰ নিচাযুক্ত টেবলেট, ২০খন গাড়ী, ১২.৫ কেজি গাঞ্জ জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে দিল্লী আৰু মণিপুৰৰ পৰাও অপৰাধীক ধৰি আনিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে। মহানগৰীৰ আজাৰা থানাত দেওবাৰে এক সংবাদমেল আয়োজন কৰি মহানগৰ আৰক্ষী আয়ুক্তই এই তথ্য সদৰি কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰিয়ে ড্ৰাগছৰ তথা নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশ দিছিলে অসম আৰক্ষীক। তাৰ পিছৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে আৰক্ষীয়ে। ফলত বিগত এমাহত এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|