গুৱাহাটীত কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাত কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। উপাযুক্তই মহানগৰীত সান্ধ্য ভ্ৰমণ আৰু চাইক্লিং নিষিদ্ধ ঘোষণা কৰিছিল।
গুৱাহাটীত কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাত কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। উপাযুক্তই মহানগৰীত সান্ধ্য ভ্ৰমণ আৰু চাইক্লিং নিষিদ্ধ ঘোষণা কৰিছিল।
আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী। সান্ধ্য আইন উলংঘা কৰি ৰাজপথত চলাচল কৰা বাহনৰ বিৰুদ্ধে গুৱাহাটীৰ বিভিন্ন স্থানত আৰক্ষীয়ে সন্ধিয়া চলায় তালাচী অভিযান।
গণেশগুৰী, নাৰেংগী, জালুকবাৰী আদিকে ধৰি বিভিন্ন স্থানত কোভিড SOP উলংঘা কৰি ওলাই অহাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে মহানগৰ আৰক্ষীয়ে। গণেশগুৰিত উৰণীয়া সোঁতুৰ তলতে নাকা-চেকিং কৰি এখন এখনকৈ বাহনৰ তালাচী লয় আৰক্ষীয়ে। কেইবাখনো বাহনে কোভিড নিয়ম উলংঘা কৰাৰ বাবে জৰমনা বিহাৰ লগতে কেইবাখনো বাহন জব্দ কৰি থয়।
ইপিনে নাৰেংগীতো নুনমাটি যান-বাহন শাখাৰ আৰক্ষীৰ ব্যাপক অভিযান। অভিযানত কেইবাখনো চিটি বাছকে ধৰি চাৰি চকীয়া, দুচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে। লগতে আইন উলংঘা কাৰী সকলৰ বিৰুদ্ধে বিহীত ব্যবস্থা গ্ৰহণ কৰে আৰক্ষীয়ে। সান্ধ্য আইনৰ মাজতে খোজকঢ়া বা চাইক্লিং কৰাৰ অজুহাত দেখুৱাই ৰাজপথলৈ ওলাই অহা লোক সকলৰ বিৰুদ্ধেও অধিক কঠোৰ হৈছে মহানগৰ আৰক্ষী।
উল্লেখ্য যে গুৱাহাটীত কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাত কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। বৃহস্পতিবাৰে উপাযুক্তই মহানগৰীত সান্ধ্য ভ্ৰমণ আৰু চাইক্লিং নিষিদ্ধ ঘোষণা কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|