সোমবাৰে মহানগৰৰ লখিমী নগৰৰ চিন্ময় পথৰ এটা ঘৰত উদ্ধাৰ হৈছিল এজন লোকৰ মৃতদেহ। মৃতদেহটো মিলন ছেত্ৰী নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হৈছে। ১৮ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল লোকজন। কিন্তু সোমবাৰে দুৱাৰত তলামৰা অৱস্থাত থকা এটা ঘৰৰ ভিতৰত উদ্ধাৰ হয় নিৰুদ্দিষ্ট মিলন ছেত্ৰীৰ মৃতদেহ। ৰং মিস্ত্ৰী ৰূপে জীৱন নিৰ্বাহ কৰা ছেত্ৰী হত্যাৰ বলি হোৱা বুলি সন্দেহ কৰা হৈছে। কিয়নো তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে তলাবন্ধ থকা ঘৰত।
মহম্মদ আতাউৰ ৰহমান নামৰ এগৰাকী লোকৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল মিলন। বিগত ২০ বছৰ ধৰি তেওঁ এই ঘৰত ভাৰাতীয়া ৰূপে বাস কৰিছিল। ঘৰটোৰ গৰাকী থাকে যোৰহাটত।
পাৰিবাৰিক কন্দলেই মিলন ছেত্ৰীৰ বাবে কাল হোৱাৰ সন্দেহ কৰা হৈছে। দুগৰাকী পত্নী আৰু ৩সন্তানৰ পিতৃ আছিল মিলন। প্ৰায়ে দ্বিতীয় পত্নী আৰু সন্তানৰ সৈতে সংঘাত হৈছিল মিলনৰ।
‘মা মই জুবিনদাক লগ কৰিবলৈ যাওঁ’ – জুবিনক লগ ধৰিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল টংলাৰ যুৱক!
লখিমী নগৰতে এখন চাহৰ দোকানো আছিল মিলনৰ। কিছুদিন পূৰ্বে ৰাজপথতে দ্বিতীয় পত্নী আৰু সন্তানৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মিলন। জানিব পৰা মতে,
মিলনৰ দুয়োগৰাকী পত্নীয়ে এৰি থৈ গৈছিল। ডাঙৰ পত্নীৰ দুটা ল’ৰা আৰু সৰু পত্নীৰ এটা ল’ৰা আৰু এজনী ছোৱালী সন্তান আছে। ডাঙৰ পত্নীৰ এটা সন্তানে আত্মহত্যা কৰিছিল।
প্ৰথমা পত্নীক শ্বিলং আৰু দ্বিতীয় পত্নীক শিলিগুৰিৰ পৰা বিয়া পাতিছিল মিলনে। দুই ল’ৰা সন্তান আৰু কন্যাই প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল মিলনৰ সৈতে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Assam News Today |
News in Assamese |
Latest News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|