মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Sensational Kidnap in Guwahati: ভয়ংকৰ কাণ্ড! মহানগৰীত আৰক্ষীৰ লোকেই কৰিলে ব্যৱসায়ীক অপহৰণ। ছিক্ৰেট মিছনৰ ৰূপত উঠাই নিয়া লোকজনক অৱশেষত উদ্ধাৰ।

Sensational Kidnap in Guwahati: ভয়ংকৰ কাণ্ড! মহানগৰীত আৰক্ষীৰ লোকেই কৰিলে ব্যৱসায়ীক অপহৰণ। ছিক্ৰেট মিছনৰ ৰূপত উঠাই নিয়া লোকজনক অৱশেষত উদ্ধাৰ।

News18 Assam | News18-Assam
Updated:June 28, 2021, 12:51 PM IST
Sensational Kidnap in Guwahati: ভয়ংকৰ কাণ্ড! মহানগৰীত আৰক্ষীৰ লোকেই কৰিলে ব্যৱসায়ীক অপহৰণ। ছিক্ৰেট মিছনৰ ৰূপত উঠাই নিয়া লোকজনক অৱশেষত উদ্ধাৰ।
আজি পুৱতী নিশা জাগিৰোডৰ এক দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় অজিত দাসক। গ্ৰেপ্তাৰ কৰা অহপৰণকাৰী ৪ জনৰ তিনিজনেই অসম আৰক্ষীৰ লোক আৰু এজন ফাৰ্মাচিষ্ট। 

আজি পুৱতী নিশা জাগিৰোডৰ এক দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় অজিত দাসক। গ্ৰেপ্তাৰ কৰা অহপৰণকাৰী ৪ জনৰ তিনিজনেই অসম আৰক্ষীৰ লোক আৰু এজন ফাৰ্মাচিষ্ট। 

  • Share this:
ছিক্ৰেট মিছন (Secret Mission)ৰ নামত চিনেমাৰ কায়দাৰে কৰা অপহৰণ কাণ্ড (Kidnap Case)ই জোকাৰণি তুলিছে মহানগৰ আৰক্ষীত। গুৱাহাটী (Guwahati) মহানগৰীত সংঘটিত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডত অপহৃত হোৱা অজিত দাস নামৰ লোকজনক আজি পুৱতী নিশা মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এই অপহৰণ কাণ্ডই ভবাই তুলিছে আৰক্ষী তথা মহানগৰবাসীক। অপহৰণৰ আঁৰত যিসকল লোক জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই মহানগৰ আৰক্ষীও হতভম্ব হৈ পৰিছে।

বুধাবেৰ পল্টন বজাৰৰ কালিবাৰীৰ বাসগৃহৰ পৰা অপহৰণ কৰা হৈছিল অজিত দাস নামৰ লোকজনক। ৫টা দুবৃত্তই শোৱনি কোঠাৰ পৰা অপহৰণ কৰি নিছিল অজিত দাসক।আৰক্ষীৰ পোছাক পিন্ধি অপহৰণ কৰা হৈছিল লোকজনক। তাৰ পাছতে লতাশীল থানাত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল।

আজি পুৱতী নিশা জাগিৰোডৰ এক দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় অজিত দাসক। অজিত দাসক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ জন লোকক। আশ্চৰ্যজনক যে গ্ৰেপ্তাৰ কৰা ৪ জনৰ তিনিজনেই অসম আৰক্ষীৰ লোক আৰু এজন ফাৰ্মাচিষ্ট।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে  ফাঁচীবজাৰ থানাৰ আৰক্ষী জোৱান ৰাজ বাবু সিং, ফৰেষ্ট গাৰ্ড
বেটেলিয়ানৰ হাবিলদাৰ জিতেন বাইলুং, হোমগাৰ্ড সুৰুজ পাটৰ আৰু মনেশ্বৰ দাস নামৰ ফামাচিষ্ট জনক। আটাইকেইজনক পাণবজাৰ থানাত জেৰা কৰি থকা হৈছে।

অজিত দাসক গ্ৰেপ্তাৰ কৰি মুক্তিপণ হিচাপে দাবী কৰিছিল ২০লাখ টকা। জানিব পৰা মতে অজিত দাস গুৱাহাটীৰ পাৰ্কিং ব্যৱসায়ৰ সৈতে জড়িত। কিন্তু এটা অপহৰণ কাণ্ডত তিনিজনকৈ আৰক্ষীৰ লোক কিয় কেনেকৈ জড়িত হৈ পৰিল সেই ৰহস্য ভেদ কৰিবলৈ তদন্ত জোৰদাৰ কৰিছে আৰক্ষীয়ে।
Published by: Manjumoni Borah
First published: June 28, 2021, 12:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি