Girl Death in Delhi: ঘৰত কাম কৰি থাকোতেই এয়াৰ কুলাৰত শ্বক লাগি মৃত্যু হয় বামুণীমৈদমৰ পূজা দাসৰ।
Girl Death in Delhi: ঘৰত কাম কৰি থাকোতেই এয়াৰ কুলাৰত শ্বক লাগি মৃত্যু হয় বামুণীমৈদমৰ পূজা দাসৰ।
দিল্লী (Delhi)ত অকালতে কৰুণ মৃত্যুক সাৱটি ল'লে গুৱাহাটীৰ পূজা দাস নামৰ এগৰাকী যুৱতীয়ে। গুৱাহাটী (Guwahati)ৰ বামুণীমৈদমৰ যুৱতী পূজা দাসৰ দিল্লীৰ নিজৰ ঘৰতে মৃত্যু হয়। বিদ্যুৎ লাগি কৰুণভাৱে মৃত্যু হয় যুৱতীগৰাকীৰ।
দিল্লীত এয়াৰ হোষ্টেছ (Air hostess) হিচাপে কৰ্মৰত আছিল যুৱতী গৰাকী। ঘৰত কাম কৰি থাকোতেই এয়াৰ কুলাৰত শ্বক লাগি মৃত্যু হয় পূজা দাসৰ।
শনিবাৰে দিনৰ ১২ বজাতেই এই ঘটনা সংঘটিত হৈছিল যদিও নিশাহে ঘটনাৰ বিষয়ে গম পাইছিল ওচৰ চুবুৰীয়াই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|