• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Flood: গুৱাহাটীৰ বানপানীৰ কথা ২৫ বছৰ আগতেই ভাবিব লাগিছিল- ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা

Guwahati Flood: গুৱাহাটীৰ বানপানীৰ কথা ২৫ বছৰ আগতেই ভাবিব লাগিছিল- ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা

Guwahati Flood: ভবেশ কলিতাই লগতে কয় যে ভৰলু আৰু বাহিনী নৈত দখল কৰি নিৰ্মাণ কাৰ্য কৰাটো ভুল হৈছে।

Guwahati Flood: ভবেশ কলিতাই লগতে কয় যে ভৰলু আৰু বাহিনী নৈত দখল কৰি নিৰ্মাণ কাৰ্য কৰাটো ভুল হৈছে।

Guwahati Flood: ভবেশ কলিতাই লগতে কয় যে ভৰলু আৰু বাহিনী নৈত দখল কৰি নিৰ্মাণ কাৰ্য কৰাটো ভুল হৈছে।

  • Share this:
সোমবাৰে নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত মঙলবাৰে বানত বুৰ গৈছে সমগ্ৰ গুৱাহাটী (Flood in Guwahati)। কৃত্ৰিম বানে একপ্ৰকাৰৰ জলপ্ৰলয়ৰ সৃষ্টি কৰিলে মহানগৰ গুৱাহাটী (Guwahati)ত। মহানগৰীৰ কেইবাটাও পথেৰে যাতায়াত প্ৰায় স্তব্ধ হৈ পৰিছইল বহু সময়ৰ কাৰণে। অফিচ-কাছাৰী, স্কুল-কলেজলৈ ওলাই আহি বানত আবদ্ধ হৈ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল মহানগৰীৰ লোক। এজাক বৰষুণতে এনেদৰে ৰাজধানী চহৰ গুৱাহাটী (Guwahati City)ৰ জনজীৱন বিপৰ্যস্ত হৈ পৰাৰ পিছত আজৱ মন্তব্য কৰি গুৱাহাটীৰ বান সমস্যাক লঘু কৰাৰ চেষ্টাত এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা (Bhabesh Kalita)।

গুবাহাটীৰ বান সমস্যাক লৈ ভবেশ কলিতাৰ মন্তব্য, "২৫ বছৰ আগতেই চিন্তা কৰিব লাগিছিল গুৱাহাটীৰ বানপানীৰ সমস্যাৰ কথা। তেতিয়া চিন্তা নকৰাৰ বাবেই এতিয়া ৰাইজে দুৰ্ভোগ ভুগিছে।"

ভবেশ কলিতাই লগতে কয় যে ভৰলু আৰু বাহিনী নৈত দখল কৰি নিৰ্মাণ কাৰ্য কৰাটো ভুল হৈছে। জধে-মধে অট্টালিকা নিৰ্মাণ কৰা কাৰ্য়ৰো তেওঁ কঠোৰ সমালোচনা কৰে। একে সময়তে গুৱাহাটীৰ পাহাৰসমূহত দখল কৰি বসতি স্থআপন কৰাৰ বাবেও বানপানী হোৱা বুলি কয় ভবেশ কলিতাই।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি