কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ হাতত ঘৰৰ চাবি এটা আছিল৷ গতিকে আকাশেই যে মূল দুৱাৰেদি প্ৰৱেশ কৰিছিল সেয়া একপ্ৰকাৰ নিশ্চিত হৈছে৷ কিন্তু এতিয়াও আকাশে স্বীকাৰ কৰা নাই হত্যাকাণ্ডৰ কথা৷
কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ হাতত ঘৰৰ চাবি এটা আছিল৷ গতিকে আকাশেই যে মূল দুৱাৰেদি প্ৰৱেশ কৰিছিল সেয়া একপ্ৰকাৰ নিশ্চিত হৈছে৷ কিন্তু এতিয়াও আকাশে স্বীকাৰ কৰা নাই হত্যাকাণ্ডৰ কথা৷
মহানগৰীৰ বেলতলাৰ দম্পতী হত্যাকাণ্ডৰ নতুন খবৰ। ননী গোপাল বৰুৱাই ক'ত কিমান টকা বিনিয়োগ কৰিছিল সেয়া সকলো জানিছিল গ্ৰেপ্তাৰ হোৱা কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে৷ মৃত ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ ম'বাইল ফোন দুটাও পোৱা নাই আৰক্ষীয়ে৷
আনহাতে, ভঙা খিৰিকীখন ভিতৰৰ পৰা গ্ৰীল ভাঙিছিল দুৰ্বৃত্তই৷ খিৰিকীৰ আইনা ভঙা নাছিল, গোটেই খিৰিকীখন ভিতৰৰ ফালৰ পৰা খুলি পেলাইছিল। চৌকাঠত লাগি থকা ভঙা দাগবোৰ ভিতৰৰ ফালৰ পৰা আছে৷ গতিকে দুৰ্বৃত্তই মূল দুৱাৰেদি প্ৰৱেশ কৰিছিল বুলি নিশ্চিত হৈছে আৰক্ষী৷
কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ হাতত ঘৰৰ চাবি এটা আছিল৷ গতিকে আকাশেই যে মূল দুৱাৰেদি প্ৰৱেশ কৰিছিল সেয়া একপ্ৰকাৰ নিশ্চিত হৈছে৷ কিন্তু এতিয়াও আকাশে স্বীকাৰ কৰা নাই হত্যাকাণ্ডৰ কথা৷
আনহাতে, বহু মাটিৰ দালালৰ সৈতে সম্পৰ্ক আছিল কেয়াৰটেকাৰ আকাশৰ৷ মৃত বৰুৱা দম্পতীক মূৰত কেইবাবাৰো আঘাত কৰিছিল৷ ঠেটেলা হৈ গৈছিল মূৰৰ সোফালৰ অংশ৷
আৰক্ষীয়ে গোচৰ নম্বৰ 3900/21 US 458/380/302 IPC ধাৰা সংযোজন কৰিছে আকাশ চৌধুৰীৰ বিৰুদ্ধে। স্বাস্থ্য পৰীক্ষাৰ অন্তত আজিয়ে আৰক্ষীয়ে CJM আদালতত হাজিৰ কৰিব আকাশক। মুম্বাইত থকা জীয়ৰী সোণালী বৰুৱাই মঙলবাৰে নিশা ৰুজু কৰিছিল গোচৰ।
উল্লেখযোগ্য যে পুতু দাসৰ সূত্ৰে ২০ বছৰ ধৰি ননী গোপাল বৰুৱাৰ ঘৰত আছিল আকাশ চৌধুৰী। বিবাহৰ পিছত ননী গোপাল ঘৰত থাকিবলৈ লয় আকাশ চৌধুৰী। কিশোৰ অৱস্থাৰ পৰা ননী গোপাল বৰুৱাৰ ঘৰত কাম কৰা হিচাপে আছিল পুতু দাস। ঘৰৰ চাবি-কাঠি সকলো আছিল পুতু দাসৰ ওচৰত। তেওঁৰ স্বামী আকাশ চৌধুৰীৰ ঘৰ বিহাৰত। জানিব পৰা অনুসৰি ২৫ বছৰ ধৰি অসমত আছে আকাশ চৌধুৰী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|