• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Hit & Run Case | আজিৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হ’ব লাগিব গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা মডেল

Guwahati Hit & Run Case | আজিৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হ’ব লাগিব গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা মডেল

অসুস্থতাৰ দোহাই দি জি এন আৰ চিত ভৰ্তি হৈ আছে ৰাজকন্যা। হাস্পতাললৈ গৈ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে।

অসুস্থতাৰ দোহাই দি জি এন আৰ চিত ভৰ্তি হৈ আছে ৰাজকন্যা। হাস্পতাললৈ গৈ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে।

অসুস্থতাৰ দোহাই দি জি এন আৰ চিত ভৰ্তি হৈ আছে ৰাজকন্যা। হাস্পতাললৈ গৈ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে।

  • Share this:
আজিৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হ’ব লাগিব শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ উঠা মহানগৰীৰ মডেল ৰাজকন্যা বৰুৱা। দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে চমন জাৰি কৰিছিল ৰাজকন্যালৈ। আজিৰ ভিতৰত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।আৰক্ষীয়ে ঘৰত বিচাৰি গৈছিল ৰাজকন্যাক। কিন্তু ৰাজকন্যাৰ ঘৰত ওলমি আছে তলা। অসুস্থতাৰ দোহাই দি জি এন আৰ চিত ভৰ্তি হৈ আছে ৰাজকন্যা। হাস্পতাললৈ গৈ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে।

উল্লেখযোগ্য যে ১ অক্টোবৰৰ নিশা দ্ৰুতগতিত গাড়ী চলাই নিশা কাম কৰি থকা শ্ৰমিকক খুন্দিওৱাৰ অভিযোগ উঠিছিল ৰাজকন্যাৰ বিৰুদ্ধে ৷ এই দুৰ্ঘটনাৰ পিছদিনাই ৰাজকন্যাই লাভ কৰিছিল জামিন ৷ কিন্তু কাৰ বাবে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিছিল তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন। অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে।

ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত সন্দেহৰ আৱৰ্তলৈ অহা দিশপুৰ আৰক্ষীৰ দুই বিষয়া আভাৰাণী গগৈ, ছাহিৰ আলীক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে৷ আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এটা কথা স্পষ্ট কৰি দিছে ৰাজকন্যা বৰুৱাক জামিনৰ সুবিধা কৰি দিয়াৰ ক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা মানেই বিপদ ৷ সাৰি যাব নোৱাৰিব ৰাজকন্যাক সহায় কৰা আৰক্ষী ৷
Published by:Sanjay Kumar Das
First published: