ৰাজ্যৰ চৌদিশে চলি থকা মাঘ বিহুৰ আনন্দৰ মাজতেই গুৱাহাটী মহানগৰীত এক বৃহৎ অঘটন সংঘটিত হয় । জানিব পৰা মতে, পহিলা মাঘৰ দিনাই মহানগৰীৰ পাণ্ডুত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। AS-25-DC-6394 নম্বৰৰ এখন তীব্ৰবেগী বাছৰ খুন্দাত থিতাতে নিহত হয় এজন লোক। নিহত লোকজনৰ নাম মুনিন বৰা আৰু তেওঁৰ ঘৰ পাণ্ডুত।
উল্লেখ্য যে এই ঘটনাৰ পাছতেই সমগ্ৰ পাণ্ডু অঞ্চলত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় ৰাইজে বাছখনৰ চালকক কৰায়ত্ত কৰি জালুকবাৰী যান-বাহন আৰক্ষীক গতাই দিয়ে। জালুকবাৰী যান-বাহন আৰক্ষীয়ে বাছসহ চালকজনক থানালৈ লৈ অহাৰ লগতে নিহত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।