• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘ফোনটো থাকিলে এটা ফোনতে ওলাই যাব পাৰিলোহেঁতেন’ বুলি দম্ভালি মৰা মডেলক পুনৰ গ্ৰেপ্তাৰ, হাস্পতালৰ পোছাক খুলিবলৈও সময় নিদিলে আৰক্ষীয়ে

‘ফোনটো থাকিলে এটা ফোনতে ওলাই যাব পাৰিলোহেঁতেন’ বুলি দম্ভালি মৰা মডেলক পুনৰ গ্ৰেপ্তাৰ, হাস্পতালৰ পোছাক খুলিবলৈও সময় নিদিলে আৰক্ষীয়ে

দ্বিতীয়বাৰ গ্ৰেপ্তাৰৰ সময়ত ইচ্ছাকৃত হত্যাৰ গোচৰ জাপি দিয়া হৈছে ৰাজকন্যাৰ ওপৰত। সাত বছৰ পৰ্যন্ত জেইল, আৰ্থিক দণ্ড বা দুয়োটা হোৱাৰ সম্ভাৱনা আছে।

দ্বিতীয়বাৰ গ্ৰেপ্তাৰৰ সময়ত ইচ্ছাকৃত হত্যাৰ গোচৰ জাপি দিয়া হৈছে ৰাজকন্যাৰ ওপৰত। সাত বছৰ পৰ্যন্ত জেইল, আৰ্থিক দণ্ড বা দুয়োটা হোৱাৰ সম্ভাৱনা আছে।

দ্বিতীয়বাৰ গ্ৰেপ্তাৰৰ সময়ত ইচ্ছাকৃত হত্যাৰ গোচৰ জাপি দিয়া হৈছে ৰাজকন্যাৰ ওপৰত। সাত বছৰ পৰ্যন্ত জেইল, আৰ্থিক দণ্ড বা দুয়োটা হোৱাৰ সম্ভাৱনা আছে।

  • Share this:
পুনৰ গ্ৰেপ্তাৰ হ’ল মহানগৰীত শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগত অভিযুক্ত মডেল ৰাজকন্যা বৰুৱা। অসুস্থতাৰ নাটক কৰি জি এন আৰ চি হাস্পতালত আইচিইউত সোমাই থকা মডেলগৰাকীক আজি পুনৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিএমচিএইচৰ মেডিকেল ব’ৰ্ডে স্বাস্থ্য পৰীক্ষা কৰাত ওলাই পৰে যে কোনো ধৰণৰ অসুস্থতা নাই ৰাজকন্যাৰ। অৰ্থাৎ একপ্ৰকাৰ অসুস্থতাৰ নাটক ৰচি জি এন আৰ চিৰ আইচিইউত শুই–বহি কটাইছিল ৰাজকন্যাই।

মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনৰ পিছতে ৮জন শ্ৰমিকক মহতিয়াই নিয়াৰ পিছতো কোনো ধৰণৰ অনুশোচনা নথকা মডেলগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আনকি মডেলগৰাকীক হাস্পতালৰ পোছাক খুলিবলৈও সময় নিদিলে আৰক্ষীয়ে।

কিন্তু কোনো ধৰণৰ অসুস্থতা নথকাকৈ কেনেকৈ হাস্পতালৰ আইচিইউত সোমাই থাকিব পাৰে ৰাজকন্যা? প্ৰশ্ন উঠিছে এই বিষয়টোক লৈও। সেইবাবেই জিএনআৰচি কৰ্তৃপক্ষৰ ওপৰতো আইনী ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।

আনহাতে, তথাকথিত আভিজাত্যৰ মুখা পিন্ধা এইগৰাকী মডেলক লৈ আৰক্ষীয়েও নৰম স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উঠিছেল। যাৰ ফলত এজন লোকে দুয়োখন ভৰি হেৰুৱাবলগীয়া হোৱা এটা দুৰ্ঘটনাৰ পিছতো গ্ৰেপ্তাৰৰ পিছদিনাই জামিন লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজকন্যাই।

গ্ৰেপ্তাৰ হোৱাৰ পিছত কেমেৰাৰ সন্মুখতে ৰাজকন্যাই কোৱা শুনা গৈছিল, ‘‘এতিয়া ফোনটো থকা হ'লে বহি থাকিব লগা নহ'লহেঁতেন, এটা ফোন মাৰোতেই ওলাই গ'লোহেঁতেন!'' এই দম্ভালি শুনিয়েই সকলোৱে অনুমান কৰিছিল যে ৰাজকন্যাৰ ওপৰত হয়তো আছে কাৰোবাৰ আশীৰ্বাদ! আৰক্ষীৰ দুৰ্বল স্থিতিয়েই হওক বা দীঘল হাতৰ বলতেই হওক পিছদিনাই জামিন পাইছিল ৰাজকন্যাই।

কিন্তু সেই সময়তে মুখ্যমন্ত্ৰীৰ এটা মন্তব্যই তৎ নোহোৱা কৰিলে আৰক্ষীৰ। মুখ্যমন্ত্ৰীয়ে কৈছিল, ‘‘জামিন পালেই সকলো শেষ হৈ নাযায়। যদি ৰাজকন্যাক জামিন পোৱাত সহায় কৰি দিছে তেন্তে বিপদত পৰিব আৰক্ষী।’’ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই সলনি কৰিলে দৃশ্যপট। আৰক্ষীয়ে পুনৰ চমন জাৰি কৰিলে ৰাজকন্যালৈ।

কিন্তু জামিন লাভ কৰাৰ পিছৰে পৰা জি এন আৰ চিত ভৰ্তি হৈছিল ৰাজকন্যা। অসুস্থতাৰ দোহাই দি হাস্পতালত ভৰ্তি হৈছিল মডেলগৰাকী। সেয়েহে মঙলবাৰে আৰক্ষী থানাত হাজিৰ হ’ব নোৱাৰিলে। তাৰ বিপৰীতে মডেলগৰাকীৰ মাতৃয়ে আৰক্ষীৰ পৰা বিচাৰিলে দুসপ্তাহৰ সময়।

কিন্তু আজি জি এম চি এইৰ মেডিকেল ব’ৰ্ডে উদঙালে ৰাজকন্যাৰ সকলো মিথ্যাচাৰ। জিএনআৰচিত উপস্থিত হৈ মেডিকেল ব’ৰ্ডে ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰি দেখিলে যে কোনো অসুস্থতা নাই মডেলগৰাকীৰ। এককথাত অসুস্থতাৰ নাটক কৰি আইচিইউত এচিৰ বতাহ খাই শুই–বহি কটাই আৰক্ষীক বিপথে পৰিচালিত কৰিব বিচাৰিছিল ৰাজকন্যাই।

মেডিকেল ব’ৰ্ডৰ ৰিপ’ৰ্টৰ পিছতে পুনৰ সৰৱ হৈ পৰে আৰক্ষী। জিএনআৰচিৰ পৰাই পুনৰ গ্ৰেপ্তাৰ কৰে মডেল ৰাজকন্যাক। কিন্তু প্ৰশ্ন হয়, আকৌ ওলাই আহিব নেকি ৰাজকন্যা? দীঘল হাতৰ সহায়ত পুনৰ সৰকি যাব নেকি আইনৰ সুৰুঙাৰে!

উল্লেখ কৰিব লাগিব যে ৰাজকন্যাৰ গোচৰত এইবাৰ সংযোজিত হৈছে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰ ৩০৮, জামিনবিহীন গোচৰ। ধাৰা ৩০৮ মতে, কোনো ব্যক্তিয়ে যদি এইধৰণৰ অভিপ্ৰায় বা বোধৰ সৈতে কোনো পৰিস্থিতিত এনেধৰণৰ কাৰ্য কৰে, যিটো কাৰোবাৰ মৃত্যুৰ কাৰণ হ’ব পাৰে তেতিয়া তাক অনা অভিপ্ৰায় হত্যাৰ (হত্যাৰ শ্ৰেণীত এইটো নপৰে) শাৰীত ধৰা হ’ব। দোষী সৰ্বোচ্ছ তিনি বছৰ অথবা আৰ্থিক দণ্ড বা দুয়োটাৰে দণ্ডিত কৰা হ’ব পাৰে। আৰু যদিহে এনে কৃত্যৰ ফলত কোনো ব্যক্তি আঘাতপ্ৰাপ্ত হয় তেতিয়া অপৰাধীক সাত বছৰ পৰ্যন্ত কাৰাবাস বা আৰ্থিক দণ্ড বা দুয়োটাৰে দণ্ডিত কৰা হ’ব পাৰে।

দ্বিতীয়বাৰ গ্ৰেপ্তাৰৰ সময়ত ইচ্ছাকৃত হত্যাৰ গোচৰ জাপি দিয়া হৈছে ৰাজকন্যাৰ ওপৰত। সাত বছৰ পৰ্যন্ত জেইল, আৰ্থিক দণ্ড বা দুয়োটা হোৱাৰ সম্ভাৱনা আছে। ফলত সহজে ৰাজকন্যা বৰুৱা মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিল।
Published by:Sanjay Kumar Das
First published: