உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Gutkha Spitting on Over Bridge : আকৌ গুটখা আকৌ পিক, মুকলিৰ পূৰ্বেই পিকালে ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুত, শিল্প-কলাৰ ওপৰতে গ'ল পিকাই

    Gutkha Spitting on Over Bridge : আকৌ গুটখা আকৌ পিক, মুকলিৰ পূৰ্বেই পিকালে ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুত, শিল্প-কলাৰ ওপৰতে গ'ল পিকাই

    সেঁতুখনত যাতে কোনেও পিক পেলাই কদৰ্যময় কৰি নোতোলে তাৰ বাবে সেঁতুখনৰ দুয়োপাৰে অংকন কৰা হৈছিল অসম আৰু ভাৰতৰ নানা জনজাতীয় আৰু জনগোষ্ঠীয় কলা-সংস্কৃতিৰ চানেকী।

    • Share this:
    একাংশ লোকৰ যেন  শিষ্টাচাৰ বোলা কথাটোৰ সৈতে সূতা এডালৰ মানো সম্পৰ্ক নাই! ৰাজহুৱা স্থানত কিদৰে আচৰণ কৰিব লাগে তাৰ যেন তিলমানো জ্ঞান নাই বা থাকিলেও সামন্যতমো পৰোৱা নকৰে এনে লোকে। তেনে এক কাণ্ডই পুনৰ দেখা গ'ল ৰাজধানী মহানগৰ গুৱাহাটীত।

    বৃহস্পতিবাৰে মুকলি হ'ব গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু। কিন্তু মুকলিৰ পূৰ্বে কোনো দুষ্কৃতিকাৰীয়ে পিকাই থৈ গ'ল নানা শিল্পকলাৰে সজাই তোলা নতুন উৰণীয়া সেঁতুখন। মুকলিৰ পূৰ্বে সাধাৰণ লোকৰ দৰ্শনৰ বাবে অনুমতি দিয়াৰ মাজতে কোনো লোকে গুটখা পিকাই গ'ল উৰণীয়া সেঁতুৰ ওপৰত।

    উল্লেখ্য যে বৃহস্পতিবাৰে মুকলি কৰা হ'ব ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখন। ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা হৈছিল দলংখনৰ। ১৮ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে এইখন উৰণীয়া সেঁতুৰ।

    সেঁতুখনত যাতে কোনেও পিক পেলাই কদৰ্যময় কৰি নোতোলে তাৰ বাবে সেঁতুখনৰ দুয়োপাৰে অংকন কৰা হৈছিল অসম আৰু ভাৰতৰ নানা জনজাতীয় আৰু জনগোষ্ঠীয় কলা-সংস্কৃতিৰ চানেকী। কিন্তু ইমানৰ পিছতো একাংশ কাণ্ড জ্ঞানহীন লোকে পিকাই গ'ল উৰণীয়া সেঁতুত।
    Published by:Manjumoni Borah
    First published: