গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ত শিশুৰ বাবে সাজু কৰি ৰখা হৈছে ৪০ খনকৈ আই চি ইউ বেড।এপ্ৰিল মাহৰ পৰা এতিয়ালৈ জি এম চি এইচত ভৰ্তি হৈছে ১৩৫ জন শিশু।
গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ত শিশুৰ বাবে সাজু কৰি ৰখা হৈছে ৪০ খনকৈ আই চি ইউ বেড।এপ্ৰিল মাহৰ পৰা এতিয়ালৈ জি এম চি এইচত ভৰ্তি হৈছে ১৩৫ জন শিশু।
অসম সাজু হৈ উঠিছে ক'ভিডৰ তৃতীয় ঢৌৰ বাবে। বিশেষজ্ঞ চিকিৎসকসকলৰ মতে তৃতীয় ঢৌত আক্ৰান্ত হ'ব শিশুসকল। যাৰ বাবে আন আন ৰাজ্যৰ লগতে তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে গুৱাহাটীৰ চিকিৎসালয়সমূহ।
গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ত শিশুৰ বাবে সাজু কৰি ৰখা হৈছে ৪০ খনকৈ আই চি ইউ বেড।এপ্ৰিল মাহৰ পৰা এতিয়ালৈ জি এম চি এইচত ভৰ্তি হৈছে ১৩৫ জন শিশু।ইয়াৰে ক'ভিডত মৃত্যু হৈছে ৯ টাকৈ শিশুৰ। বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে ৯ টাকৈ শিশু।ইয়াৰে জৰুৰীকালীন সেৱাত আছে ৭ টাকৈ শিশু। কোনো শিশুকে হোম আইচলেচনৰ অনুমতি দিয়া নাই জি এম চি এইচে। জি এম চি এইচৰ নিচিনাকৈ সাজু হৈছে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়।তৃতীয় ঢৌৰ বিৰুদ্ধে মোকবিলা কৰিবৰ বাবে নিৰ্মাণ কৰি থকা হৈছে শিশুৰ বেডৰ লগতে অক্সিজেনৰ টেংক। লগতে যোৱা বছৰ শিশুৰ বাবে নিৰ্মাণ কৰা ৬৪ খন বিছনাযুক্ত বাগৰি চিকিৎসালয় সম্পূৰ্ণভাবে সাজু। ১৫ জুনৰ পৰা এতিয়ালৈ চিকিৎসালয়খনত ভৰ্তি হৈছে ৫ টাকৈ শিশু। আনহাতে,প্ৰথম ঢৌৰ পৰা এতিয়ালৈ সৰ্বমুঠ ১৮৪ টা শিশু আক্ৰান্ত হৈছে যদিও মৃত্যু হোৱা নাই এটাও শিশুৰ। শিশুসকলক ঘৰতে ৰখাৰ আহ্বান জনাইছে চিকিৎসকসকলে। লগতে অভিভাৱক সকলক সজাগ সচেতন হৈ থকাৰ পৰামৰ্শ GMCH ৰ অধীক্ষক অভিজিত শৰ্মাৰ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|